পঞ্চায়ত নিৰ্বাচনত গাওঁ পঞ্চায়তৰ সদস্যা পদত মনোনয়ন পত্ৰ দাখিল কৰা বিৰসিং জৰুৱাৰ মুঠাখোৱা দ্বিতীয় খণ্ডৰ এগৰাকী মহিলাৰ দুটাকৈ ভোটাৰ পৰিচয় পত্ৰ
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিল: পঞ্চায়ত নিৰ্বাচনত গাওঁ পঞ্চায়তৰ সদস্যা পদত মনোনয়ন পত্ৰ দাখিল কৰা বিৰসিং জৰুৱাৰ মুঠাখোৱা দ্বিতীয় খণ্ডৰ এগৰাকী মহিলাৰ দুটাকৈ ভোটাৰ পৰিচয় পত্ৰ থকাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে। এইমৰ্মে ইতিমধ্যে প্ৰাৰ্থীগৰাকীৰ বিৰূদ্ধে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত অভিযোগো দাখিল হোৱা বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি মুঠাখোৱা দ্বিতীয় খণ্ড গাঁওৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী আফৰুজা খাতুনৰ আছে দুটাকৈ সক্ৰিয় ভোটাৰ পৰিচয় পত্ৰ। অভিযোগ খাতুনৰ এখন ভোটাৰ পৰিচয় পত্ৰৰ নম্বৰ হৈছে জিপিএ ০২১৫৭১৫ (GCL0215715) আৰু অইনখনৰ নম্বৰ হ’ল পিডিএন ০০৯১০৫৮ (PDN0091058)। এখন ভোটাৰ পৰিচয় পত্ৰ অনুসৰি, খাতুনৰ ভোটগ্ৰহণ কেন্দ্ৰ হ’ল ২৪৪৫ গুৰগুৰিপাৰা শিশু কল্যাণ এল. পি. স্কুল আৰু অইনখনৰ ভোটকেন্দ্ৰ হ’ল ১৭-১৩৭১ সূত্ৰমাৰা এল.পি স্কুল। উত্থাপিত সেই অভিযোগ যদি সঁচা তেতিয়া হ’লে,ভাৰত-বাংলাদেশ সীমান্তৰ দৰে সংবেদনশীল অঞ্চলত কিদৰে এজন লোকে দুখনকৈ সক্ৰিয় ভোটাৰ কাৰ্ড পাবলৈ সক্ষম হ’স সেয়া এক চিন্তনীয় বিষয়ৰূপেই কিন্তু পৰিগণিত হোৱাৰ সমান্তৰালকৈ বিষয়টো লৈ উচ্চস্তৰীয় তদন্তৰ প্ৰয়োজন থকা বুলিও উচ্চাৰিত হৈছে।