২০৩৪ৰ বিশ্বকাপত ৬৪খন দেশ সাজু আয়োজক ছৌদি আৰব
নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ২০৩৪ৰ বিশ্বকাপত যদি ৬৪খন দেশে অংশগ্রহণ কৰে, তেনেহ’লে আয়োজনৰ বাবে সম্পূর্ণৰূপে সাজু ছৌদি আৰব৷ তেওঁলোকে স্পষ্টভাৱে জনাই দিছে যে এনে এখন বৃহৎ প্রতিযোগিতাৰ আয়োজনৰ ক্ষেত্রত কোনো সমস্যা নহয়৷ উল্লেখ্য যে পৰৱর্তী বিশ্বকাপত দলৰ সংখ্যা ৩২ৰ পৰা ৪৮খনলৈ বৃদ্ধি হ’ব৷ সম্প্রতি দক্ষিণ আমেৰিকাৰ ফুটবল সংস্থাই প্রস্তাৱ দিছে যে ২০৩০ চনত অংশগ্রহণকাৰী দেশৰ সংখ্যা ৬৪খন হওক৷ অৱশ্যে এই প্রস্তাৱৰ বিৰোধিতা কৰিছে আন মহাদেশসমূহে৷ অৱশ্যে ৬৪খন দেশৰ মাজত বিশ্বকাপ আয়োজনৰ ক্ষেত্রত তেওঁলোকৰ কোনো সমস্যাৰ সৃষ্টি নহয় বুলি জানিবলৈ দিয়ে ছৌদি আৰবে৷ দেশখনৰ ৰজা আব্দুলাজিজ বিন তুর্কী আল–ফয়চালে জনায় – ‘আমি সাজু আছোঁ৷ সেই সময়লৈ আমি সম্পূর্ণৰূপে সাজু হ’ম৷ যদি ফিফাই তেনেধৰণৰ সিদ্ধান্ত লয় আৰু ভাবে যে সেয়া সকলোৰে বাবে ভাল হ’ব তেনেহ’লে আমি আয়োজনৰ বাবে সাজু৷’ উল্লেখ্য যে যোৱা ডিচেম্বৰত ছৌদি আৰবক ২০৩৪ চনৰ বিশ্বকাপ আয়োজনৰ দায়িত্ব প্রদান কৰিছে৷ এই যুঁজত আন কোনো দেশ নথকা বাবেই ছৌদি আৰবে সহজে দায়িত্ব লাভ কৰে৷ অৱশ্যে মানৱ অধিকাৰ সংগঠনসমূহে ইয়াৰ প্রতিবাদ জনায়৷ তেওঁলোকৰ মতে, কাটাৰ বিশ্বকাপত যিদৰে অসংখ্য অভিবাসী শ্রমিকৰ মৃত্যু হৈছিল সেই ঘটনা ছৌদি আৰবটো ঘটিব পাৰে৷ কিন্তু ছৌদি আৰবৰ তৰফৰ পৰা জনোৱা হৈছে যে নতুন আন্তঃগাঁথনি নির্মাণৰ সময়ত ফিফাৰ সৈতে যোগাযোগ ৰক্ষা কৰা হ’ব৷ কাটাৰৰ প্রতিনিধিসকলৰ সৈতে কথা পাতি তেওঁলোকৰ পৰাও সহায় লোৱা হ’ব৷ ২০৩২ চনৰ ভিতৰত দেশখনে ১৫খন ষ্টেডিয়াম নির্মাণ কৰাৰ লক্ষ্য লৈছে আৰু ইতিমধ্যে সেই কাম আৰম্ভ হৈছে৷