নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ লাচন চাপৰিত স্থাপন হ’ব ‘বাল্যচ’ৰা’, প্রাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ এপ্ৰিলঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চিএমডি) ৰিণিকি ভূঞা শর্মাই গুৰুত্বপূর্ণ এক আঁচনি লৈ মাজুলীত উপস্থিত হয়৷ ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনসহ মাজুলীলৈ অহা প্রাইড ইষ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকীয়ে মাজুলীৰ লাচন চাপৰিত উপস্থিত হৈ পিছপৰা অঞ্চলটোৰ আধাতে বিদ্যালয় এৰা ছাত্র–ছাত্রীসকলক পুনৰ বিদ্যালয়মুখী কৰি শিক্ষাৰ পোহৰ দিয়াৰ উদ্দেশ্যে ‘বাল্যচ’ৰা’ নামৰ এখন বিদ্যালয় প্রতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে৷ অঞ্চলটোৰ লাচন চাপৰি, বনৰীয়া চাপৰি আদিৰ স্থানীয় ৰাইজৰ সৈতে বিদ্যালয়খন প্রতিষ্ঠাৰ সম্পর্কত মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ আধাতে বিদ্যালয় এৰা ছাত্র–ছাত্রীসকলৰ বিদ্যালয় এৰাৰ কাৰণ আৰু কিমানসংখ্যক ছাত্র–ছাত্রীয়ে বিদ্যালয় আধাতে এৰিছে সেই বিষয়ে তেওঁ বুজ লয়৷ তেওঁ বিদ্যালয়খন স্থাপন কৰিবলগীয়া ক্ষেত্র পৰিদর্শন কৰি সকলো দিশৰ ওপৰত থলীতে আলোচনা কৰে৷ এই সন্দর্ভত সাংবাদিকৰ আগত প্রাইড ইষ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শর্মাই কয় যে পিছপৰা অঞ্চলৰ ছাত্র–ছাত্রীসকলে শিক্ষাৰ এটা ভাল পৰিৱেশ নোপোৱাৰ পৰিপ্রেক্ষিতত লাহে লাহে শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ জীৱনটো অন্যফালে গতি কৰে৷ গতিকে প্রাইড ইষ্টৰ তৰফৰ পৰা পিছপৰা অঞ্চলৰ ছাত্র–ছাত্রীসকলকো যাতে সমশিক্ষাৰ পোহৰেৰে আগুৱাই লৈ যাব পাৰোঁ, অন্ততঃ মেট্ৰিকৰ পর্যায়টো পোৱাবগৈ পাৰোঁ তাৰ বাবে ইতিমধ্যে প্রচেষ্টা হাতত লৈছোঁ৷ সেই অনুসৰি ‘বাল্যচ’ৰা’ৰ দ্বিতীয় সংস্কৰণ মাজুলীৰ লাচন চাপৰিত প্রতিষ্ঠাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷ অঞ্চলটোৰ শেহতীয়াকৈ বিদ্যালয় এৰা বা পূর্বতে বিদ্যালয় এৰা ছাত্র–ছাত্রীসকলকো উক্ত বিদ্যালয়ৰ যোগেদি শিক্ষাৰ এটা পর্যায়লৈ লৈ যোৱাৰ তেওঁ পোষকতা কৰে৷ পঞ্চম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে বিয়লি ভাগত পাঠদান হ’বলগীয়া এই বিদ্যালয়খন অঞ্চলটোৰ ৰাইজৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে বিদ্যালয়খনত মাজুলীৰ স্থানীয় শিক্ষিত যুৱক–যুৱতীয়ে পাঠদান কৰিব বুলি তেওঁ সদৰী কৰে৷ এই সন্দর্ভত সমাজকর্মী বিতোপন দলেই কয় যে আর্থিক বা সামাজিক কাৰণত মাজুলীৰ চৰ অঞ্চলৰ জনজাতীয় সমাজৰ বহু শিক্ষার্থীয়ে বিভিন্ন সময়ত আধৰুৱাকৈ নিজৰ শিক্ষা জীৱনৰ সমাপ্তি ঘটোৱা দেখিবলৈ পোৱা যায়৷ এনে শিক্ষার্থীসকলক এক পৰিকল্পিত ব্যৱস্থাৰে সঠিক পথ প্রদান কৰিলে তেওঁলোকৰ জীৱনলৈ এক অভিনৱ পৰিৱর্তন অনাটো সম্ভৱ৷ এই উদ্দেশ্যৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাহভেট লিমিটেডৰ উদ্যোগত মাজুলী জিলাৰ লাচন চাপৰি অঞ্চলত ‘বাল্যচ’ৰা’ শীর্ষক পাঠশালাৰ পৰিকল্পনা কৰিছে, এয়া শৈক্ষিক সংস্কাৰৰ অভিনৱ পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া কুন্তলমণি শর্মা বৰদলৈ, ৰাজ্যিক বিজেপিৰ কিষাণ মর্চাৰ উপ–সভাপতি ৰঞ্জিত কুমাৰ ভট্টাচার্য আৰু মাজুলীৰ বিধায়ক ভুবন গামো উপস্থিত থাকে৷

You might also like