নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান-ক সমর্থন কৰি কংগ্রেছ নেতাসহ ধৃত আন ৬জন

🔹 দেশদ্রোহীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

বিশেষ বাৰ্তা, ২৭ এপ্রিল : পেহেলগামৰ বর্বৰোচিত নৰসংহাৰৰ প্রসংগত সন্ত্রাসবাদৰ পৃষ্ঠপোষক চিৰবৈৰী ৰাষ্ট্র পাকিস্তান-ক সমর্থন কৰি অসম আৰক্ষীৰ হাতত ধৰা পৰিছে ইজনৰ পিছত সিজন দেশদ্রোহী৷ সামাজিক মাধ্যমত বিতর্কিত মন্তব্য কৰি ৰাষ্ট্রদ্রোহৰ অপৰাধত অসম আৰক্ষীয়ে আন ৬জনক গ্রেপ্তাৰ কৰিছে৷ ইয়াৰ লগে লগে ধৃত ‘দেশদ্রোহী’ৰ সংখ্যা হ’লগৈ ১৫জন৷ য’ত আছে ধিঙৰ এইউডিএফৰ বিধায়ক আমিনুল ইছলামো৷ অসম আৰক্ষীয়ে শেহতীয়াকৈ গ্রেপ্তাৰ কৰাসকল হ’ল– ওৰাঙৰ ৩৯ নম্বৰ পাঁচনৈ ছেৰফাং ব্লক কংগ্রেছৰ সভাপতি বিমল মাহাতো, বিতর্কিত মহিলা গোলাঘাটৰ মৰঙিৰ ডিম্পল বৰা ওৰফে দধীচি ডিম্পল, কাছাৰৰ বক্তাৰ হুছেইন বৰভূঞা, ইমৰান হুছেইন বৰভূঞা, হাইলাকান্দিৰ সুমন মজুমদাৰ ওৰফে বুলবুল আলম মজুমদাৰ আৰু নগাঁৱৰ চামগুৰিৰ মাছুদ আজহাৰ৷

ওৰাঙত কংগ্রেছ নেতা বিমল মাহাতোক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, মাজবাট : পেহেলগাম কাণ্ডক লৈ বিতর্কিত পোষ্ট কৰি ওৰাং আৰক্ষীৰ জালত পৰিল এজন কংগ্রেছ নেতা তথা আৰটিআই কর্মী৷ প্রধানমন্ত্রীৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিতর্কিত মন্তব্য কৰা ৩৯ নম্বৰ পাঁচনৈ ছেৰফাং ব্লক কংগ্রেছৰ সভাপতি বিমল মাহাতোক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ওৰাং আৰক্ষীয়ে ২৫ এপ্রিলৰ নিশা নিজ গৃহৰ পৰাই গ্রেপ্তাৰ কৰে বিমল মাহাতোক৷ ভাৰতীয় ন্যায় সংহিতাৰ ১১৩(৩)/১৫২/১৯৬/১৯৭)১)/৩৫২/৩৫৩ নং ধাৰাৰ অধীনত ওৰাং থানাত ৩০/২৫ নম্বৰত এক গোচৰ ৰুজু হৈছে কংগ্রেছ নেতা তথা আৰটিআই কর্মী বিমল মাহাতোৰ বিৰুদ্ধে৷ কালি ওৰাং আৰক্ষীয়ে ওদালগুৰি আদালতত হাজিৰ কৰায় কংগ্রেছ নেতাজনক৷

ফেচবুকত দেশবিৰোধী প’ষ্ট দি গ্রেপ্তাৰ বিতর্কিত মহিলা ডিম্পল বৰা

বিশেষ বার্তা, গোলাঘাট : গুৱাহাটীত বসবাস কৰা গোলাঘাটৰ এগৰাকী মহিলাই কৰা দেশবিৰোধী মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহিলাগৰাকীৰ নাম ডিম্পল বৰা৷ ঘৰ গোলাঘাট জিলাৰ মৰঙি মৌজাৰ ফলঙনি অঞ্চলত৷ অৱশ্যে বর্তমান গুৱাহাটীতে থাকে এই বিতর্কিত মহিলাগৰাকী৷ পূর্বেও বিভিন্ন ধৰণৰ বিতর্কত নাম সাঙোৰ খাই পৰা ডিম্পল বৰা সামাজিক মাধ্যম ফেচবুকত দধীচি ডিম্পল (জাইফুল যোদ্ধা) নামেৰে নিজৰ একাউণ্ট খুলি বিভিন্ন সময়ত হকে–বিহকে লিখি চর্চিত হৈ আহিছিল৷ তেওঁৰ দেশবিৰোধী মন্তব্য সামাজিক মাধ্যমত অসম চৰকাৰৰ গৃহ বিভাগৰ দৃষ্টিগোচৰ হয়৷ এই সন্দর্ভত গোলাঘাট সদৰ থানাত দধীচি ডিম্পল ওৰফে ডিম্পল বৰাৰ বিৰুদ্ধে ৮১/২০২৫ত এটা গোচৰ তৎকালে পঞ্জীয়ন কৰি গুৱাহাটীৰ পৰা গোলাঘাট আৰক্ষীয়ে ডিম্পল বৰাক ভাৰতবিৰোধী কার্যৰ বাবে গ্রেপ্তাৰ কৰে৷ কালি নিশা ইতিমধ্যে আৰক্ষীৰ দলে গোলাঘাট সদৰ থানাত মহিলাগৰাকীক হাজিৰ কৰায়৷ সর্বস্তৰৰ ৰাইজে মহিলাগৰাকীৰ এনে দেশবিৰোধী কার্যক একমুখে ধিক্কাৰ দিছে আৰু সামাজিক মাধ্যমত মুকলি প্রতিক্রিয়াৰে তীক্ষ্ণ সমালোচনা কৰিছে৷

পাকিস্তানক সমর্থন কৰি বৰাকত পুনৰ গ্রেপ্তাৰ ৩জন

নিয়মীয়া বার্তা, শিলচৰ : সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য কৰি শনিবাৰে কাছাৰ আৰক্ষীৰ হাতত গ্রেপ্তাৰ হ’ল দুই যুৱক৷ ধৃত দুই যুৱক কাছাৰৰ সোণাই ৰামনগৰৰ বক্তাৰ হুছেইন বৰভূঞা আৰু শিলচৰ ঘানিয়ালাৰ ইমৰান হুছেইন বৰভূঞা৷ উল্লেখ্য যে দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰত এতিয়ালৈকে গ্রেপ্তাৰ হৈছে চাৰিজন যুৱক৷ ছ’চিয়েল মিডিয়াত পাকিস্তানক সমর্থন কৰি পোষ্ট কৰাৰ বাবে পৰহি কাছাৰত দুজনক গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ পূর্বে ফেচবুকত ‘পাকিস্তান জিন্দাবাদ’ পোষ্ট কৰাৰ অভিযোগত শ্রীভূমি থানাৰ অন্তর্গত ছাইকুট গাঁৱৰ কবীৰ আহমেদৰ পুত্র মোঃ মুস্তাক আহমেদ ওৰফে ছাহিল হকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ তদুপৰি একেই অভিযোগত হাইলাকান্দিৰ সুমন মজুমদাৰ ওৰফে বুলবুল আলম মজুমদাৰক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ এই পর্যন্ত কাছাৰৰ পৰা ৪জন, হাইলাকান্দিত ২জন আৰু শ্রীভূমিৰ পৰা এজনক গ্রেপ্তাৰ কৰা হৈছে৷

You might also like