নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPLত চাঞ্চল্য সৃষ্টিকাৰী বৈভৱে উপহাৰ পালে মাৰ্চিডিজ বেঞ্জ

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ আজিকালি খবৰৰ শিৰোনামত আই পি এলত শতক অৰ্জন কৰা বৈভৱ সূৰ্যবংশী। ১৪ বছৰীয়া বৈভৱৰ উৎকৃষ্ট প্ৰদৰ্শনত সন্তুষ্ট হৈ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰী ৰঞ্জিত বৰঠাকুৰে তেওঁক পুৰস্কাৰ হিচাপে উপহাৰ দিছে এখন নতুন মাৰ্চিডিজ বেঞ্জ গাড়ী।

মেচখনৰ পাছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন ফটো, য’ত দেখা গৈছে যে বৈভৱক মাৰ্চিডিজ বেঞ্জৰ চাবি দিয়া হৈছে। অৱশ্যে এইটো মাৰ্চিডিজৰ কোনটো মডেল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বৈভৱৰ বয়স বৰ্তমান ১৪ বছৰ, গতিকে তেওঁ এই গাড়ীখন বৈধভাৱে চলাব নোৱাৰে।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোখনত দেখা গৈছে যে ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰী ৰঞ্জিত বৰঠাকুৰে বৈভৱ সূৰ্যবংশীৰ সৈতে থিয় হৈ আছে আৰু তেওঁৰ হাতত মাৰ্চিডিজৰ চাবি আছে, যিটো তেওঁ বৈভৱক দিয়া দেখা গৈছে। ৰঞ্জিত বৰঠাকুৰ অসমৰ যোৰহাটৰ ব্যৱসায়ী আৰু ইয়াৰ বাহিৰেও তেওঁ ৰয়েল মাল্টিস্প’ৰ্ট প্ৰাইভেট লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ।

গুজৰাট টাইটানছৰ বিৰুদ্ধে ৩৫টা বলত শতক অৰ্জন কৰি বৈভৱ সূৰ্যবংশীয়ে ইতিহাস ৰচনা কৰিছিল। এই কাম কৰি বৈভৱ টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে। মনীষ পাণ্ডেক (১৯ বছৰ ২৫৩ দিন), ঋষভ পণ্ট (২০ বছৰ ২১৮ দিন) আৰু দেৱদত্ত পাড়িকলক (২০ বছৰ ২৮৯ দিন) অতিক্ৰম কৰি এই অভিলেখ ভংগ কৰি সূৰ্যবংশীয়ে (১৪ বছৰ ৩২ দিন) অভিলেখ ভংগ কৰে।

ইয়াৰ উপৰি ৩০ বলত শতক অৰ্জন কৰাৰ কৃতিত্ব আছে ক্ৰিছ গেইলৰ নামত। তাৰ পিছতে দ্বিতীয় দ্ৰুততম শতক আৰু ভাৰতীয় এজনৰ সৰ্বাধিক দ্ৰুত শতকৰ ৰেকৰ্ড গঢ়িলে বৈভৱে।

You might also like