নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Playoffৰ দৌৰত আগবাঢ়িল পঞ্জাব কিংছ

🔹 ব্যৰ্থ ২৭ কোটিটকীয়া Lucknowৰ অধিনায়ক ঋষভ

নিউজ ডেস্ক, ৫ মে’ : লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৩৭ ৰানত পৰাজিত কৰি চলিত আইপিএলত প্লে-অফৰ দৌৰত আৰু এখোজ দিলে পঞ্জাব কিংছ-এ৷ কালি অনুষ্ঠিত মেচখনত প্রথমে বেটিং কৰি প্র’ভছিমৰণ সিঙৰ ৯১ ৰানৰ দর্শনীয় ইনিংছৰ সহায়ত পঞ্জাবে নির্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই ২৩৬ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত লক্ষ্ণৌৱে ৭টা উইকেট হেৰুৱাই ১৯৯ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷

প্রথমে বেটিং কৰি পঞ্জাবে প্রথম অভাৰতে প্রিয়াংশ আর্যৰ উইকেট হেৰুৱায়৷ কিন্তু আনগৰাকী অ’পেনাৰ প্র’ফছিমৰণে দর্শনীয় বেটিঙেৰে ৪৮টা বলত ৯১ ৰান সংগ্রহ কৰে৷ তেওঁৰ ইনিংছটোত আছিল ৭টা ছয় আৰু ৬টা চাৰি৷ জ’ছ ইংলিছে তেওঁক সহযোগিতা আগবঢ়ালেও ১৪টা বলত ৩০ ৰান কৰি বিদায় লয়৷ ইয়াৰ পিছতে বিধ্বংসী বেটিং আৰম্ভ কৰে প্র’ভছিমৰনে৷ তেওঁৰ লগতে শ্রেয়াছ আয়াৰে সুন্দৰ বেটিঙেৰে ২৫টা বলত ৪৫ ৰান কৰে৷ এটা সময়ত প্র’ভছিমৰনে শতৰান কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও দিগ্বেশ ৰাথীয়ে তেওঁক বিদায় দিয়ে৷

জয়লাভৰ বাবে ২৩৭ ৰানৰ লক্ষ্য সন্মুখত লৈ বেটিং আৰম্ভ কৰা লক্ষ্ণৌৱে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায়৷ অ’পেনাৰ এইডেন মার্কৰামে ১৩ ৰান আৰু মিছেল মার্শ্বে শূন্য ৰানতে বিদায় লয়৷ দলৰ হৈ আয়ুস বাডানীয়ে ৪০টা বলত ৭৪ ৰান কৰি কিছু আশাৰ সৃষ্টি কৰিছিল যদিও আব্দুল ছামাদ (৪৫)ৰ বাহিৰে আন বেটাৰসকলে সহযোগিতা আগবঢ়োৱাত ব্যর্থ হয়৷ দলৰ অধিনায়ক ঋষভ পণ্টে ১৮ ৰানতে বিদায় লয়৷ নিক’লাছ পুৰানে ৬, ডেভিদ মিলাৰে ১১ ৰান কৰে৷ শেষৰ ফালে আভেজ খানে ১৯ আৰু প্রিন্স যাদৱে ১ ৰানত অপৰাজিত হৈ ৰয়৷

এই বিজয়ৰ ফলত পঞ্জাবে ১১খন মেচৰ পৰা ১৫ পইণ্ট লাভ কৰি তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়৷ ১৬ পইণ্টেৰে শীর্ষ স্থানত আছে বেংগালুৰু৷

You might also like