নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ মে’ত সংশোধিত ৱাকফ আইনৰ গোচৰৰ শুনানি

🔹 নতুন মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰ বিচাৰপীঠত গোচৰ

নিউজ ডেস্ক, ৬ মে’ : বহুচর্চিত ৱাকফ সংশোধনী আইনক লৈ গোচৰৰ শুনানি ১৫ মে’লৈ পিছুৱালে উচ্চতম ন্যায়ালয়ে৷ ১৩ মে’ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই অৱসৰ গ্রহণ কৰাৰ পাছত ১৫ মে’ত নতুন মুখ্য ন্যায়াধীশ বি আৰ গাভাই নেতৃত্বাধীন বিচাৰপীঠে এই গোচৰৰ শুনানি ল’ব৷ ১৪ মে’ত দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্রহণ কৰিয়েই বি আৰ গাভায়ে পৰৱর্তী দিনা বহুচর্চিত ৱাকফ সংশোধনী আইনক লৈ গোচৰৰ শুনানি গ্রহণ কৰিব৷ ৱাকফ সংশোধনী আইনক লৈ গোচৰৰ শুনানি যিহেতুকে দীঘলীয়া হ’ব, সেই কাৰণে কালি ধার্য কৰা শুনানিৰ দিন স্থগিত কৰি নতুন মুখ্য ন্যায়াধীশ নেতৃত্বাধীন বিচাৰপীঠে ১৫ মে’ত শুনানি গ্রহণ কৰিব বুলি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ঘোষণা কৰে৷ উল্লেখ্য যে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না নেতৃত্বাধীন বিচাৰপীঠে কেন্দ্রীয় চৰকাৰক ৱাকফ সংশোধনী আইন সন্দর্ভত যথাস্থিতি বাহাল ৰাখিবলৈ নির্দেশ দি ৫ মে’ত শুনানিৰ দিন ধার্য কৰিছিল৷ কিন্তু কালি সেই শুনানিৰ দিন স্থগিত ৰাখি পৰৱর্তী দিন ১৫ মে’ ধার্য কৰা হৈছে৷ মুখ্য ন্যায়াধীশ বি আৰ গাভাই নেতৃত্বাধীন বিচাৰপীঠত ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথন থাকিব৷

You might also like