ইছলামাবাদ–লাহোৰ-কৰাচীত বিধ্বংসী আক্রমণ ভাৰত-ৰ
🔹 পাকিস্তানত নতুন সেনা মুৰব্বী নিয়োগৰ প্রক্রিয়া আৰম্ভ
নিউজ ডেস্ক, ৯ মে’ : এখন পূর্ণ পর্যায়ৰ যুদ্ধৰ দিশে ভাৰত –পাকিস্তান৷ পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত ভাৰতৰ অপাৰেচন সিন্দূৰৰ পাছত চিৰবৈৰী ৰাষ্ট্রখনে চলোৱা আক্রমণৰ প্রত্যাক্রমণৰূপে অপাৰেচন সিন্দূৰৰ দ্বিতীয় দিনা ভাৰতে ৰাজধানী ইছলামাবাদকে ধৰি চুবুৰীয়া দেশখনৰ ১০খন চহৰত বিধ্বংসী আক্রমণ চলায়৷ আৰব সাগৰত নিয়োজিত ভাৰতৰ যুদ্ধ জাহাজ আইএনএছ বিক্রান্তক কালি প্রথমবাৰৰ বাবে চিৰবৈৰী দেশখনৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয়৷
যুদ্ধ জাহাজখনৰ লগতে নৌ সেনাৰ ডেষ্ট্রয়াৰৰ জৰিয়তে চলোৱা প্রচণ্ড আক্রমণত বিধ্বস্ত হয় কৰাচী বন্দৰ৷ কৰাচীৰ আন্তঃৰাষ্ট্রীয় বন্দৰৰ লগতে সাগৰীয় উপকূলৰ বাণিজ্য চহৰখনতো কেইবাটাও বিস্ফোৰণ ঘটায় নৌ সেনাই৷ ফলত চহৰখনৰ বিস্তৰ ক্ষতি হৈছে৷ ইফালে, অপাৰেচন সিন্দূৰৰ দুদিনতে পাকিস্তানে দিকবিদিক হেৰুৱাইছে আৰু চুবুৰীয়া ৰাষ্ট্রখনৰ সেনা মুৰব্বী আছিম মুনীৰ গভীৰ বিপদৰ সন্মুখীন হৈছে৷
সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি, সেনা মুৰব্বীজনক অপসাৰণ কৰি নতুন সেনা মুৰব্বী নিয়োগৰ প্রক্রিয়া আৰম্ভ হৈছে৷ সেনা মুৰব্বীজনক গৃহবন্দী কৰা বুলি বাতৰিত প্রকাশ৷ ইতিপূর্বে ভাৰতৰ ১৫খন চহৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰা মিছাইল ভাৰতৰ বায়ুসেনাই বিফল কৰাৰ পাছতেই ভাৰতীয় সেনাই পাকিস্তানৰ ৯খন চহৰত ড্রোনেৰে আক্রমণ কৰে৷ পাকিস্তানৰ ৰাৱালপিণ্ডি, লাহোৰ, গুজৰনৱালা, চকৱাল, এটক, বাহাৱালপুৰ, মিঞাৱালী, কৰাচী আৰু ছৰোত ভাৰতীয় সেনাই ড্রোনেৰে আক্রমণ কৰাত এই চহৰৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ কার্যতঃ ভাৰত আৰু পাকিস্তানৰ মাজত আক্রমণ–প্রত্যাক্রমণে এখন পূর্ণাংগ যুদ্ধৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷ কালি পুৱাৰে পৰা ভাৰত আৰু পাকিস্তানৰ মিছাইল–ড্রোন আক্রমণৰ পাছত দুয়ো দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে পাকিস্তানী সেনাই জম্মু–কাশ্মীৰৰ পৰা পঞ্জাবলৈকে এলঅ’চি আৰু সীমান্তত মর্টাৰেৰে ধাৰাসাৰ আক্রমণ চলাইছে৷
ভাৰতীয় সেনাই এই আক্রমণৰ যথোচিত প্রত্যুত্তৰ দি আছে৷ জম্মু–কাশ্মীৰৰ এলঅ’চিত পাক সেনাৰ গোলাবর্ষণত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পাকিস্তানী সেনাই নিক্ষেপ কৰা মিছাইল আৰু ড্রোন ভাৰতীয় প্রতিৰক্ষা ব্যৱস্থাই ব্যর্থ কৰিছে৷ জম্মুৰ মাজ আকাশতে পাকিস্তানী মিছাইল আৰু ড্রোন ভাৰতীয় সেনাই ধ্বংস কৰিছে৷ মঙলবাৰে নিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰেৰে ৯টা স্থানত সন্ত্রাসবাদীৰ শিবিৰত মিছাইলেৰে আক্রমণ কৰি শিবিৰসমূহ বিধ্বস্ত কৰাৰ লগতে শতাধিক সন্ত্রাসবাদীক নিহত কৰাৰ প্রত্যুত্তৰ হিচাপে পাকিস্তানে ভাৰতৰ ১৫খন চহৰলৈ লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰে৷ এই মিছাইল মাজ আকাশতে ধ্বংস কৰে ভাৰতীয় সেনাই৷
তথ্য মতে, পাকিস্তানী সেনাই ভাৰতৰ অৱন্তিপুৰা, শ্রীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথলা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাতিন্দা, চণ্ডীগড়, নাল, ফালদী, উত্তৰলাই, ভুজলৈ লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰে৷ এই চহৰকেইখনত থকা সামৰিক প্রতিষ্ঠানৰ প্রতি পাকিস্তানে নিক্ষেপ কৰা মিছাইল ভাৰতীয় বায়ু প্রতিৰক্ষা ব্যৱস্থাই প্রতিহত কৰে৷ মাজ আকাশতে এই মিছাইলকেইটা ধ্বংস কৰি পেলায়৷ পাকিস্তানে ভাৰতৰ ১৫খন চহৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰা মিছাইলকেইটা বায়ুসেনাৰ এছ ৪০০ সুদর্শন চক্র, বায়ু প্রতিৰক্ষা মিছাইল ব্যৱস্থাৰ দ্বাৰা প্রতিহত কৰে৷ অত্যাধুনিক শক্তিশালী এছ ৪০০ বায়ু প্রতিৰক্ষা মিছাইলে পাকিস্তানৰ সকলো মিছাইলৰ আক্রমণ বিফল কৰে৷ ভাৰতৰ পশ্চিম আৰু দক্ষিণ প্রান্তৰ সামৰিক প্রতিষ্ঠানত পাক সেনাই লক্ষ্য কৰি নিক্ষেপ কৰা মিছাইল প্রতিহত কৰাৰ পাছতেই ভাৰতীয় সেনাই পাকিস্তানৰ বায়ু প্রতিৰক্ষা ৰাডাৰ আৰু ব্যৱস্থাক আক্রমণৰ লক্ষ্য কৰি লয়৷ পাকিস্তানৰ ৯খন চহৰত থকা বায়ু প্রতিৰোধী ব্যৱস্থাৰ ওপৰত ভাৰতীয় সেনাই ড্রোন নিক্ষেপ কৰে৷ এই আটাইকেইটা ড্রোন নির্ধাৰিত লক্ষ্যত বিস্ফোৰিত হৈ পাকিস্তানৰ বায়ু প্রতিৰোধী ব্যৱস্থাৰ বিস্তৰ ক্ষতিসাধন কৰে৷
ভাৰতৰ ড্রোনৰ আক্রমণত পাকিস্তানৰ এয়াৰ প্রতিৰক্ষা ব্যৱস্থা বিধ্বস্ত হৈ পৰে৷ হার্পি ড্রোনেৰে পাকিস্তানী বায়ু প্রতিৰক্ষা ব্যৱস্থাত আঘাত হানিবলৈ সক্ষম হয় ভাৰতীয় সেনা৷ ভাৰতৰ ড্রোনৰ আক্রমণত লাহোৰৰ ৱাল্টন বিমানবন্দৰৰ বিস্তৰ ক্ষতিসাধন হয়৷ লাহোৰৰ লগতে কৰাচী, গুজৰনৱালা আৰু ৰাৱালপিণ্ডিত সামৰিক বাহিনীৰ কার্যালয়ত ভাৰতীয় ড্রোনে বিস্ফোৰণ ঘটায়৷ ৰাৱালপিণ্ডিত ড্রোনৰ বিস্ফোৰণত ৰাৱালপিণ্ডি ষ্টেডিয়ামৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ ভাৰতৰ এই নির্ভুল আক্রমণৰ তীব্রতাৰ প্রতি লক্ষ্য ৰাখি পাকিস্তানে দেশীয় আৰু আন্তর্জাতিক বিমানৰ উৰণ বন্ধ কৰিছে৷ বিমানবন্দৰসমূহ বন্ধ ঘোষণা কৰিছে৷ লক্ষণীয় যে ভাৰতে পাকিস্তানৰ পৰা নিক্ষেপ কৰা মিছাইল প্রতিৰোধ কৰাৰ ক্ষেত্রত ৰাছিয়াৰ পৰা লাভ কৰা এছ ৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাই সফলতা আনি দিয়ে৷
শেহতীয়া তথ্য মতে, পাকিস্তানী সেনাৰ জম্মু–কাশ্মীৰৰ এলঅ’চি আৰু পঞ্জাবৰ সীমান্তত ধাৰাসাৰ গোলাবর্ষণৰ ফলত অঞ্চলসমূহত হাই এলার্ট জাৰি কৰা হৈছে৷ পঞ্জাবৰ কেইবাখনো জিলাত ব্লেক আউট ঘোষণা কৰা হৈছে৷ তথ্য মতে, জম্মু সীমান্তত পাকিস্তানৰ এফ ১৬ যুঁজাৰু বিমান এখনো ভাৰতীয় সেনাই গুলীয়াই ভূপতিত কৰিছে৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ জম্মু, চম্বা, আখনুৰ, আৰএছ ছেক্টৰ, উৰি, পুঞ্চ আদি অঞ্চলত পাক সেনাৰ নির্বিচাৰ গোলাবর্ষণৰ ফলত ব্লেক আউট ঘোষণা কৰা হৈছে৷ জম্মু–কাশ্মীৰৰ পৰা পঞ্জাবলৈকে সীমান্তত পাক সেনাৰ গোলাবর্ষণক ভাৰতীয় সেনাই যথোচিত প্রত্যুত্তৰ দি আছে৷ প্রতি ক্ষণে ক্ষণে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাই থকাই নহয়, এখন পূর্ণাংগ পর্যায়ৰ যুদ্ধৰ আশংকা বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে পাকিস্তানে ভাৰতলৈ লক্ষ্য কৰি নিক্ষেপ কৰা মিছাইল আৰু ড্রোন ভাৰতীয় বায়ু সেনা বাহিনীয়ে প্রতিৰোধ কৰিবলৈ সক্ষম হৈছে৷
জম্মু–কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাত নির্বিচাৰ গোলাবর্ষণ পাকিস্তানী সেনাৰ
পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে পর্যটকৰ ওপৰত চলোৱা নৰসংহাৰৰ দিনৰে পৰা জম্মু–কাশ্মীৰৰ এলঅ’চিত যুদ্ধবিৰতি উলংঘন কৰি থকা পাক সেনাই অপাৰেচন সিন্দূৰৰ পাছত গোলাবর্ষণ তীব্রতৰ কৰি তুলিছে৷ জম্মু–কাশ্মীৰৰ চাৰিটা ছেক্টৰত পাক সেনাই প্রচণ্ড গোলাবর্ষণ কৰাত ১৫জন ভাৰতীয় লোক নিহত হৈছে৷ পাক সেনাৰ গোলাবর্ষণত চাৰিটা ছেক্টৰতে সাধাৰণ নাগৰিকৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ ৫৯জন আহত হৈছে৷ পাক সেনাৰ গোলাবর্ষণক ভাৰতীয় সেনাই তীব্র প্রত্যুত্তৰ দি আছে৷ ইপিনে, এই সংঘর্ষত এজন ভাৰতীয় জোৱান শ্বহীদ হৈছে৷ শ্বহীদ জোৱানজন হাৰিয়ানাৰ দীনেশ কুমাৰ শর্মা৷ পুঞ্চ জিলাত পাক সেনাই অত্যধিক গোলাবর্ষণ কৰি আছে৷