নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক প্রধানমন্ত্রীক সংসদত কাপুৰুষ আখ্যা দেশ-ৰে সাংসদৰ

🔹 মোদীক ভয় কৰে শ্বেহৱাজ শ্বৰীফে

নিউজ ডেস্ক, ১০ মে’ : অপাৰেচন সিন্দূৰৰ পাছত ভাৰত দেশ আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ ভাৰতীয় ভূমিলৈ লক্ষ্য কৰি পাকিস্তানী সেনাই নিক্ষেপ কৰিছে ড্রোন৷ অৱশ্যে ভাৰতীয় সেনাই পাকিস্তানৰ এই আক্রমণ সম্পূর্ণৰূপে ব্যর্থ কৰে৷ প্রত্যাহ্বানস্বৰূপে ভাৰতে কৰাচীকে ধৰি ৯খন চহৰত ড্রোনেৰে আক্রমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে৷ এনে সময়তে পাকিস্তানৰ সংসদত প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফক কাপুৰুষ আখ্যা দিছে দেশখনৰে এগৰাকী সাংসদে৷ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ আক্রমণৰ বিফলতাক লৈ সংসদত প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদগৰাকীয়ে৷ সাংসদ আহমেদে সদনত পাক প্রধানমন্ত্রীক আক্রমণ কৰি কয়– এটা শিয়ালৰ নেতৃত্বত সিংহৰ সেনা৷ তেওঁলোকে যুদ্ধ কৰিব নোৱাৰে৷ যুদ্ধত পৰাজয় হয়৷ আমাৰ সেনাই সীমান্তত সাহস দেখুওৱাৰ বাহিৰে প্রধানমন্ত্রী নিজেই এগৰাকী কাপুৰুষ৷ আনকি প্রধানমন্ত্রীগৰাকীয়ে মোদীৰ নাম ল’ব নোৱাৰে৷ প্রধানমন্ত্রী মোদীক ভয় কৰে৷ সীমান্তত জীৱনৰ শংকা লৈ থকা সেনাক প্রধানমন্ত্রী শ্বৰীফে কি বার্তা দিব? সদনত সাংসদ আহমেদে প্রধানমন্ত্রী শ্বৰীফক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ পূর্বে সাংসদ তাহিৰ ইকবালে সদনতে কান্দোনত ভাগি পৰে৷ এক বিতর্কত অংশ লৈ সাংসদ ইকবালে আনকি হে আল্লা আমাক ৰক্ষা কৰক বুলি মন্তব্য কৰে৷ ভাৰতৰ আক্রমণৰ আশংকাতেই সাংসদ ইকবালে এনেধৰণৰ মন্তব্য কৰিছিল বুলি চর্চিত হৈছে৷ ভাৰতে অপাৰেচন সিন্দূৰ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ ঘাটিত সফলতাৰে সম্পন্ন কৰাৰ পাছতেই পাকিস্তানৰ সাধাৰণ নাগৰিক বাদেই, সাংসদসকলো শংকিত হৈ পৰিছে৷ সদনত ইয়াৰেই প্রতিচ্ছবি প্রতিফলিত হৈছে৷

You might also like