নিউজ ডেস্ক, ১০ মে’ : মকড্রিল-ত অংশ লোৱাৰ বাবে বিয়া পিছুৱালে যুৱকে। যুদ্ধ আৰম্ভ হ’ব পাৰে যিকোনো সময়তে! আত্মৰক্ষাৰ পাঠ লোৱাটো অতি জৰুৰী৷ সেইবাবে নিজৰ বিয়া পিছুৱাই দিলে এজন যুৱকে৷ সেনাৰ মকড্রিলত অংশগ্রহণ কৰাৰ পিছতহে বিবাহস্থলীত গৈ উপস্থিত হ’ল যুৱকজন৷ যুৱকজনৰ যুক্তি হৈছে সেনা কর্মীসকলেও নিজৰ বিয়া আধাতে এৰি যুদ্ধত যোগ দিবলগীয়া হয়৷ গতিকে মকড্রিলৰ বাবে বিয়া কেইঘণ্টামান পিছুৱাই গ’লে সমস্যা ক’ত? জানিব পৰা গৈছে– বিহাৰৰ পুর্ণিয়া জিলাত সংঘটিত হৈছে এই ঘটনা৷ দৰাৰ নাম সুশান্ত কুশৱাহা৷ বুধবাৰে যুৱক সুশান্তৰ বিয়া আছিল৷ ঘৰৰ পৰা চল্লিশ কিলোমিটাৰ দূৰলৈ লগত দৰাযাত্রী লৈ যোৱাৰ কথা আছিল সন্ধিয়া ছয় বজাত৷ পূর্বে এই পৰিকল্পনা গ্রহণ কৰা হৈছিল৷ কিন্তু তাৰ মাজতে দেশজুৰি মকড্রিলৰ সিদ্ধান্ত গ্রহণ কৰে কেন্দ্রীয় চৰকাৰে৷ যুদ্ধৰ সময়ত এই মকড্রিলৰ জৰিয়তে সাধাৰণ জনতাক আত্মৰক্ষাৰ পাঠ দিয়া হ’ব বুলি চৰকাৰে ঘোষণা কৰে৷ এনে পৰিস্থিতিত সুশান্তই সিদ্ধান্ত গ্রহণ কৰে যে মকড্রিলত তেওঁ নিজেও অংশগ্রহণ কৰিব৷ ভবা অনুসৰি মকড্রিলত যোগ দিয়ে দৰাৰ বেশত সুশান্তই৷ ইয়াৰ বাবে দৰাযাত্রীসকল দুঘণ্টা সময় ধৰি ৰৈ থাকিবলগীয়া হয়৷ মকড্রিল শেষ হোৱাৰ পিছত নিশা আঠ বজাত দৰাযাত্রীসকলক লগত লৈ বিয়া কৰাবলৈ যায় সুশান্তই৷ লক্ষণীয়ভাৱে সুশান্তই বিয়াৰ পূর্বে আত্মৰক্ষাৰ এই পাঠ গ্রহণ কৰি অত্যন্ত সুখী বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ ইয়াৰ উপৰি ভাৰতীয় সেনাই ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তানত থকা সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰা বিষয়টোক লৈও সুখী বুলি দাবী কৰিছে সুশান্তই৷ সুশান্তৰ মতে, বহু সময়ত সেনা কর্মীসকলে পূর্ব নির্ধাৰিত বিয়া আধাতে এৰি যুদ্ধলৈ যাবলগীয়া হয়৷ তেওঁলোকে যুদ্ধক্ষেত্রত গৈ চৰম ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়৷ এনে পৰিস্থিতিত দুঘণ্টাৰ মকড্রিলত উপস্থিত হৈ পলমকৈ বিয়া কৰাবলৈ যোৱাটো ভুল হ’ব নোৱাৰে বুলি মন্তব্য কৰে সুশান্তই৷