নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা প্ৰতিৰোধক পোছাক, চিকিৎসা সৰঞ্জামৰ অভাৱঃ পদত্যাগ কৰিলে ৮৪জন ডাক্তৰ-নাৰ্চে

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ সমগ্ৰ বিশ্বতে এতিয়া আতংকৰ কাৰণ হৈ পৰিছে ক’ৰোনা ভাইৰাছ । প্ৰায় ৯ হাজাৰ লোকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে এই মহামাৰীত । এই মহামাৰীৰ আতংকৰ মাজতে এতিয়া বুলগেৰিয়াৰ ৮৪ জন ডাক্তৰ আৰু নাৰ্চে পদত্যাগ কৰাৰ খবৰ আহি পৰিছে । ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধক পোছাক আৰু চিকিৎসা সৰঞ্জাৰ অভাৱৰ বাবেই তেওঁলোকে পদত্যাগ কৰা বুলি জানিবলৈ দিছে ।

নিজৰ জীৱনৰ প্ৰতি শংকা কঢ়িয়াই দৈনিক চিকিৎসা অব্যাহত ৰাখিছে এইসকল চিকিৎসকে । ইতিমধ্যে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা । কৰ্তৃপক্ষক বাৰে বাৰে প্ৰতিৰোধক পোছাক আৰু চিকিৎসা সৰঞ্জাৰ দিবলৈ অনুৰোধ কৰাৰ পাচতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবেই পদত্যাগ কৰিছে এইসকল চিকিৎসক-নাৰ্চে ।

বুলগেৰিয়াত এই পৰ্যন্ত আক্ৰান্ত হৈছে মুঠ ৯২ জন লোকৰ , মৃত্যু হৈছে দুজনৰ । এনে এক পৰিস্থিতিত দেশৰ ৮৪ জনকৈ চিকিৎসকে পদত্যাগ কৰাৰ পাচতেই এতিয়া চিন্তিত হৈ পৰিছে প্ৰশাসন । পদত্যাগী এজন চিকিৎসকে জনোৱা অনুসৰি বৰ্তমানেও ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সষ্টম নহয় বুলগেৰিয়া । পৰ্যাপ্ত চেনিটাইজেচন ব্যৱস্থা আৰু চিকিৎসাকৰ্মীসকলৰ বাবেও নাই সুৰক্ষিত পোছাকৰ লগতে সা-সৰঞ্জাম ।

You might also like