কাশ্মীৰত জইছৰ তিনি দুর্ধর্ষ সন্ত্রাসবাদী-ক গুলীয়াই হত্যা
🔹 ড্রোনৰ জৰিয়তে ধৰা পেলালে লুকাই থকা স্থান
নিউজ ডেস্ক, ১৬ মে’ : জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদী-য়ে নৰসংহাৰ চলোৱাৰ পাছতে কেন্দ্রীয়শাসিত অঞ্চলটোত সন্ত্রাসবিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে৷ পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ পাছত জম্মু–কাশ্মীৰ আৰক্ষীয়ে চিনাক্ত কৰি তথ্যৰ সন্ধান লাভ কৰিলে পুৰস্কাৰ ঘোষণা কৰা ১৪ সন্ত্রাসবাদীৰ ভিতৰত বিগত ৪৮ ঘণ্টাতে নিৰাপত্তা বাহিনীয়ে ৬ দুর্ধর্ষ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছে৷ পেহেলগামৰ নৰসংহাৰৰ পাছত সন্ত্রাসবিৰোধী অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰি আছে৷ দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তিপুৰাৰ ট্রলৰ নাডেৰগাঁৱত আত্মগোপন কৰি থকা ৩ দুর্ধর্ষ সন্ত্রাসবাদীৰ বিৰুদ্ধে কালি পুৱাই নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে৷ আত্মগোপন কৰি থকা অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে অভিযান চলাই ৩ দুর্ধর্ষ জইছ–ই–মহম্মদৰ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে৷ নিৰাপত্তা বাহিনীয়ে ড্রোনৰ জৰিয়তে অত্যাধুনিক অস্ত্র লৈ থকা ৩ সন্ত্রাসবাদীৰ অৱস্থিতি ধৰা পেলোৱাৰ পাছত অতি কৌশলেৰে অভিযান আৰম্ভ কৰে৷ নিৰাপত্তা বাহিনীৰ অভিযানৰ উমান পাই সন্ত্রাসবাদী গোটটোৱে অভিযানকাৰী দলটোক লক্ষ্য কৰি গুলীচালনা কৰে৷ নিৰাপত্তা বাহিনীয়েও সন্ত্রাসবাদীৰ গোটটোক তীব্র প্রত্যুত্তৰ দিয়াত তুমুল সংঘর্ষ হয়৷ এই সংঘর্ষত নিহত হয় ৩ জইছ–ই–মহম্মদৰ দুর্ধর্ষ সন্ত্রাসবাদী৷ আৰক্ষীয়ে চিনাক্ত কৰা মতে, নিহত সন্ত্রাসবাদী তিনিটা হৈছে–অৱন্তিপুৰাৰ জইছ–ই–মহম্মদৰ জিলা কমাণ্ডাৰ আছিফ আহমেদ শ্বেখ (২৮), আমিৰ নাজিৰ ৱানি (২০) আৰু য়াবৰ আহমেদ ভাট৷ এই তিনিওটা সন্ত্রাসবাদী ২০২২ চনৰ পৰা দক্ষিণ কাশ্মীৰৰ বিভিন্ন অঞ্চলত সন্ত্রাসবাদী কার্যকলাপৰ সৈতে জড়িত৷ উল্লেখ্য যে কালি অৱন্তিপুৰাত ৩ জইছ–ই–মহম্মদৰ দুর্ধর্ষ সন্ত্রাসবাদী নিহত হোৱাৰ পূর্বে মঙলবাৰে ছ’পিয়ানৰ শুক্রু কেলাৰ বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে ৩ লস্কৰ–ই–তৈবাৰ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিছে৷ চোৰাংচোৱাৰ তথ্যৰ আধাৰত নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷