নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান নহয়, জয় হৈছে ভাৰতৰহে

🔹 ৱাশ্বিংটন পোষ্টৰ প্রতিবেদনত পাকিস্তানৰ মিথ্যাচাৰ পুনৰ প্রমাণিত

নিউজ ডেস্ক, ১৬ মে’ : পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত ভাৰতীয় সেনাৰ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অপাৰেচন সিন্দূৰক লৈ পাকিস্তানে চলাই থকা মিথ্যাচাৰ পুনৰ প্রমাণিত হ’ল আন্তর্জাতিক সংবাদ মাধ্যমত৷ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ পিছত পাকিস্তানে এই অঘোষিত যুদ্ধত জয়ী হোৱা বুলি কৰা দাবীক নস্যাৎ কৰিছে বিশ্বপ্রসিদ্ধ সংবাদ–পত্র ৱাশ্বিংটন পোষ্টে৷ প্রকাশিত প্রতিবেদনত এই যুঁজত পাকিস্তানৰ নহয়, ভাৰতৰহে বিজয় হৈছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে৷ পাকিস্তানৰ ওপৰত ভাৰতৰ আক্রমণ সফল হোৱা বুলি উল্লেখ কৰি ইছলামাবাদৰ বিজয়ক নস্যাৎ কৰা প্রতিবেদনখনত উল্লেখ কৰা হৈছে যে ভাৰতৰ আক্রমণত পাকিস্তানৰ অতি কমেও ৬ বায়ুসেনা ঘাটিৰ ৰানৱে’কে ধৰি আন্তঃগাঁথনিৰ ক্ষতি হৈছে৷ উল্লেখ্য যে ২২ এপ্রিলত জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীয়ে চলোৱা বর্বৰ হত্যাৰ প্রতিশোধকল্পে ৭ মে’ত ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ৯টা সন্ত্রাসবাদীৰ শিবিৰত অপাৰেচন সিন্দূৰ শীর্ষকেৰে মিছাইল আক্রমণেৰে বিধ্বস্ত কৰে৷ ইয়াৰ পাছতে ক্ষুণ্ণ হৈ পাকিস্তানে ভাৰতৰ জম্মু–কাশ্মীৰৰ পৰা পঞ্জাবলৈকে ড্রোন আৰু মিছাইলেৰে আক্রমণ কৰে৷ তেনেদৰে জম্মু–কাশ্মীৰৰ এলঅ’চি আৰু আন্তর্জাতিক সীমান্ততো আক্রমণ তীব্রতৰ কৰে৷ ভাৰতীয় সেনাই এই আক্রমণ সম্পূর্ণ ব্যর্থ কৰাৰ পাছত প্রত্যাক্রমণ হিচাপে পাকিস্তানৰ ৰাজধানী ইছলামাবাদকে ধৰি ১০খন চহৰত মিছাইল আৰু ড্রোনেৰে ভয়াৱহ আক্রমণ চলায়৷ এই আক্রমণত পাকিস্তানৰ সেনাৰ ঘাটি বিধ্বস্ত হৈ পৰাৰ লগতে লাহোৰৰ বায়ু প্রতিৰক্ষা ব্যৱস্থা আৰু ৰাডাৰ পদ্ধতি বিকল হৈ পৰে৷ ইয়াৰ পাছতে পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ প্রস্তাৱ আগবঢ়ায় আৰু দুয়োখন দেশৰ মাজত আনুষ্ঠানিক যুদ্ধবিৰতি হয়৷ যুদ্ধবিৰতিৰ পাছতে পাকিস্তানে ভাৰতৰ সৈতে এই যুঁজত জয়ী হোৱা বুলি দাবী কৰি আহিছে৷ নিউয়র্ক টাইমছে পাকিস্তানৰ এই দাবী নস্যাৎ কৰাৰ পাছত ৱাশ্বিংটন পোষ্টেও আলোকচিত্রৰ তথ্যসহ ভাৰতৰ আক্রমণত পাকিস্তানৰ সেনাৰ ঘাটি বিধ্বস্ত হোৱা বুলি তথ্য দাঙি ধৰে৷ দুই ডজনতকৈ অধিক কৃত্রিম উপগ্রহৰ আলোকচিত্র আৰু ভিডিঅ’ৰ তথ্য উল্লেখ কৰি ৱাশ্বিংটন পোষ্টে পাকিস্তানৰ বৃহৎ ক্ষতি হোৱা বুলি প্রতিবেদন প্রকাশ কৰে৷ ভাৰতীয় সেনাৰ আক্রমণত ৰাৱালপিণ্ডিৰ নুৰ খান বিমান ঘাটিৰ বিস্তৰ ক্ষতিসাধন হোৱা বুলি প্রতিবেদনত প্রকাশ পাইছে৷ আনকি পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰলৈকে ভাৰতীয় সেনাই সফল আক্রমণ কৰে বুলি প্রতিবেদনত উল্লেখ কৰি ভাৰতৰ জয় হোৱা বুলি প্রকাশ কৰিছে৷

You might also like