ভাৰত-পাকৰ যুদ্ধবিৰতি ১৮ মে’লৈ বৃদ্ধি
🔹 শীঘ্রেই অনুষ্ঠিত হ’ব ভাৰত–পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক
নিউজ ডেস্ক, ১৭ মে’ : ভাৰত-পাকৰ যুদ্ধবিৰতি ১৮ মে’লৈ সম্প্রসাৰণ কৰা হৈছে৷ ২২ এপ্রিলত জম্মু–কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্রত্যাঘাত হিচাপে ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ৭ মে’ত অপাৰেচন সিন্দূৰ চলায়৷
ভাৰতীয় সেনাৰ মিছাইল আক্রমণত পাকিস্তান আৰু পিঅ’কেত সন্ত্রাসবাদীৰ শিবিৰ ধূলিৰ সৈতে মিহলি হৈ যোৱাৰ পাছতেই পাকিস্তানী সেনাই ভাৰতৰ ওপৰত আক্রমণ চলায়৷ জম্মু–কাশ্মীৰৰ পৰা পঞ্জাবলৈকে ৪ ৰাজ্যত পাক সেনাই মিছাইল আৰু ড্রোনেৰে চলোৱা আক্রমণ ভৰতীয় সেনাই সম্পূর্ণ ব্যর্থ কৰি পাকিস্তানৰ ওপৰত প্রত্যাক্রমণ চলায়৷ ভাৰতীয় সেনাৰ আক্রমণত পাকিস্তানৰ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা সম্পূর্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে ৬তকৈ অধিক বায়ু সেনাঘাটি ক্ষতিগ্রস্ত হয়৷
ভাৰতীয় সেনাৰ আক্রমণত বিতত হৈ পৰা পাকিস্তানৰ ডিজিএমঅ’ই দিনত ভাৰতৰ ডিজিএমঅ’ৰ সৈতে যুদ্ধবিৰতিৰ প্রস্তাৱ আগবঢ়ায়৷ পাকিস্তানে স্থল–জল আৰু আকাশীমার্গেৰে সকলো আক্রমণ বন্ধৰ প্রস্তাৱ আগবঢ়ায়৷ পাকিস্তানৰ এই প্রস্তাৱত সমর্থন জনাই ১০ মে’ৰ দিনাই দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি হয়৷ যুদ্ধবিৰতি হ’লেও ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলি স্পষ্ট কৰি দিয়ে৷ ঠিক তেনেদৰেই এই যুদ্ধবিৰতি সাময়িক বুলি ঘোষণা কৰে৷
পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কিবা দুঃসাহস কৰিলেই দেশখনৰ বিৰুদ্ধে তীব্র অভিযান চলোৱা হ’ব বুলি হুংকাৰ দিয়ে৷ যুদ্ধবিৰতি ১৮ মে’লৈ সম্প্রসাৰণৰ ঘোষণা কৰি শীঘ্রেই দুয়ো দেশৰ ডিজিএমঅ’ৰ বার্তালাপ হ’ব বুলিও ঘোষণা কৰা হৈছে৷