নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাই : প্ৰমোদ বড়ো

বুজা বুজিৰ বিষয়ত মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব  ইউ পি পি এল

বিশেষ বাৰ্তা, ১৬ মে’ : আগন্তুক বি টি চি  নিৰ্বাচনত ৪০টা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব ইউ পি এল দলে। ওদালগুৰিত এই কথা ঘোষনা কৰে বি টি চিৰ প্ৰধান তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে। ওদালগুৰি জিলাৰ ভৈৰৱকুন্দৰ ৰিজোৰ্টত অনুষ্ঠিত হয় ইউ পি পি এলৰ ওদালগুৰি জিলাৰ ৫ টা সমষ্টিৰ প্ৰাথমিক সমিতিৰ এক কৰ্মী সভা।

উক্ত কৰ্মী সভাত অংশ গ্ৰহন কৰি  সাংবাদিকৰ ওচৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰমোদ বড়োৱে। তেও কয়  সকলো দলে নিজৰ নিজৰ দলৰ চিন্তা কৰিব।আমিও আমাৰ চিন্তা কৰি আছোঁ। বিজেপিৰ কথা বিজেপি চিন্তা কৰিছে। আমি বি টি চিৰ ৪০ টা আসনতে নিৰ্বাচন খেলিম।

বিজেপিৰ সৈতে আমাৰ বুজা বুজি চৰকাৰ চলি আছে। গতিকে বি টি চি নিৰ্বাচন কেনেকৈ খেলিলে সুবিধা হয় এই ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিম।  কিমান  খন আসন লাভ কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰ দি সেয়া এতিয়া কোৱা উচিত নহয় বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।

উল্লেখযোগ্য যে কেইদিনমান পুৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বি জে পিয়ে বি টি টিৰ ২০ খন আসনত  অকলে নিৰ্বাচন খেলিম বুলি কোৱাৰ পিছত ভৈৰৱকুন্দত সাংবাদিকৰ ওচৰত বি টি চি নিৰ্বাচনকলৈ এনেদৰে কৌশলী মন্তব্য কৰে প্ৰমোদ বড়োৱে।

তেও কয় আমি কেৱল ভোটৰ ৰাজনীতি কৰা নাই। এটা সময়ত ভৈৰৱকুণ্ডত মুক্তমনে কথা কব পৰা নাছিল। আজি সেই পৰিবেশ নাই।দিল্লী,গুৱাহাটীৰ পৰা সাংবাদিক আহি নিজে নিজে নিউজ বনাই আছে।আপোনালোকে মোক নুসুধিলেও নিজে বুজি পাব। কি ধৰনৰ শান্তিৰ পৰিবেশ গঢ়ি উঠিছে। হাগ্ৰামা মহিলাৰীৰ দলে এক সময়ত হাতত শিল লৈ ৰৈ আছিল আমাক আক্ৰমন কৰিবলৈ। আজি হাগ্ৰামা মহিলাৰী দেৱে বাইক চলাই ঘুৰি ফুৰিব পাৰে নিচিন্ত মনে।

আমি এনে এটা পৰিবেশ ৰচনাৰ বাৱে কাম কৰিছো। যত সকলো জাতি জনগোষ্ঠীৰ শান্তি, সমন্বয় ৰক্ষা আৰু উন্নয়ন সম্ভৱ হয়। যত সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ অস্তিত্ব ৰক্ষা কৰি জীয়াই থকাৰ পৰিবেশ দিব পাৰোঁ।

You might also like