🔹 মধ্যপ্রদেশৰ বিজেপি মন্ত্রী বিজয় শ্বাহক শীঘ্রে অপসাৰণৰ দাবী
নিউজ ডেস্ক, ১৭ মে’ : শীঘ্রে বিজেপি মন্ত্রীৰ অপসাৰণ বিচাৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বাৰস্থ হৈছে কর্নেল ছোফিয়া কুৰেশ্বীৰ পৰিয়াল৷ ‘অপাৰেচন সিন্দূৰ’ৰ সৈতে ওতপ্রোতভাৱে জড়িত কর্নেল কুৰেশ্বীৰ ভাতৃ বাণ্টি ছুলেমানে উল্লেখ কৰিছে যে ছোফিয়া সমগ্র দেশৰ কন্যা৷ ছোফিয়াক লৈ কৰা অপমানজনক মন্তব্য ক্ষমাৰ অযোগ্য বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বাণ্টি ছুলেমানে৷ উল্লেখনীয় যে কর্নেল ছোফিয়া কুৰেশ্বীক ‘সন্ত্রাসবাদীবোৰৰ ভগ্ণী’ বুলি কটাক্ষ কৰিছিল মধ্যপ্রদেশৰ মন্ত্রী বিজয় শ্বাহে৷ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণৰ প্রত্যুত্তৰত যোৱা ৭ মে’ৰ নিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অৱস্থিত সন্ত্রাসবাদীৰ শিবিৰত আক্রমণ চলাইছিল ভাৰতীয় সেনাই৷ নির্ভুল আৰু নিখুঁত সেই আক্রমণৰ পাছত সাংবাদিক বৈঠকৰ জৰিয়তে সমগ্র দেশক ‘অপাৰেচন সিন্দূৰ’ৰ বিস্তাৰিত বর্ণনা দিছিল কর্নেল ছোফিয়া কুৰেশ্বী আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙে৷ কিন্তু সংখ্যালঘু সম্প্রদায়ৰ প্রতিনিধি ছোফিয়া কুৰেশ্বীক লৈ বিতর্কিত মন্তব্য কৰে বিজেপি মন্ত্রী বিজয় শ্বাহে৷ বিজয় শ্বাহে উল্লেখ কৰে– ‘সিহঁতে আমাৰ হিন্দু ভাইসকলক পোছাক খুলি, ধর্মীয় পৰিচয় লৈ হত্যা কৰিছে৷ প্রধানমন্ত্রী মোদীজীয়ে সন্ত্রাসবাদীবোৰৰ ভগ্ণীক সিহঁতৰ ঘৰত আক্রমণৰ বাবে পঠিয়াইছিল৷ সিঁহতে আমাৰ ভগ্ণীসকলৰ মূৰৰ সিন্দূৰ মচিছে৷ গতিকে, মোদীজীয়ে সিহঁতৰ সম্প্রদায়ৰ ভগ্ণীক সিহঁতৰ পোছাক খুলি উচিত শিক্ষা দিয়াৰ বাবে প্রেৰণ কৰিছিল৷’ মন্ত্রীগৰাকীৰ এই মন্তব্যক লৈ দেশজুৰি বিতর্কৰ সৃষ্টি হয়৷ মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ে শ্বাহৰ বিৰুদ্ধে আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ নির্দেশো দিয়ে৷ ইফালে, উচ্চতম ন্যায়ালয়েও মন্ত্রী শ্বাহক তিৰস্কাৰ কৰিছে৷ ইয়াৰ পাছত কুৰেশ্বীৰ পৰিয়ালে এইবাৰ প্রধানমন্ত্রীৰ দ্বাৰস্থ হৈছে শ্বাহৰ অপসাৰণ দাবী কৰি৷