নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত মাহৰ অন্তত কমলাবাৰী-নিমাতী ঘাটত জাহাজ চলাচল আৰম্ভ

বিশেষ বাৰ্তা, ১৯ মে : ৰাইজৰ বিপুল দাবী আৰু আভ্যন্তৰীণ জল পৰিবহনৰ বিভাগৰ তৎপৰতাত সুদীৰ্ঘ সাত মাহ  ধৰি বন্ধ হৈ থকা জাহাজ চলাচল পুনৰ দুখন জাহাজ চলাচল আৰম্ভ কৰিছে।

ঐতিহাসিক কমলাবাৰী ঘাটটো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ শুকাই যোৱাৰ ফলত ফেৰী চলাচল বন্ধ আছিল আৰু ঘাটটো সাময়িক ভাৱে দক্ষিণ পাটৰ সমীপৰ যোৰহাট মাজুলী সংযোগী নিৰ্মিয়মান দলঙৰ কাষলৈ স্থানান্তৰ কৰা হৈছিল। ফলত যাত্ৰীৰ বিলৈ নোহোৱা হৈছিল।

আনহাতে গুটীয়া নাওবোৰ চলাচল কৰাৰ সুবিধা থকা স্বত্বেও ৰাজনৈতিক নেতাৰ লাভালাভৰ বাবে স্থানান্তৰ কৰা বুলি ৰাইজৰ মাজত অভিযোগ উত্থাপিত হৈছিল। সেই সময়ত এখন দ্ৰেজাৰেৰে খনন কাৰ্য কৰিছিল যদিও থিকমতে কাম নকৰা বুলিও অভিযোগ উত্থাপিত হৈছিল আৰু অতি সোনকালেই ঘাটটো পুৰণি স্থানলৈ স্থানান্তৰ কৰিবলৈ ৰাইজে দাবী জনাইছিল। কাৰণ দ্ৰেজাৰ খনে কাম নকৰাকৈ লোকচক্ষুৰ আৰত ৰাখিছিল ৰহস্য জনক কাৰণত।

আনহাতে পুনৰ একেখন দ্ৰেজাৰেৰে খনন কাৰ্য আৰম্ভ কৰা হৈছে। পাৰাপাৰ হোৱা যাত্ৰীসকলে খননকাৰ্য প্ৰত্যক্ষ কৰে। চুমৈমাৰীৰ পৰা ফাটি অহা সূতিটোৰ কাষত বাম পৰা বাবে বহু দিন ধৰি জাহাজ চলাচল বন্ধ হৈ থকাত  যাত্ৰী আৰু গাড়ী,বাইক আদি আৰোহী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। ইফালে যাত্ৰীসকলৰ দুৰ্ভোগৰ অন্ত পৰিল বুলি স্বস্তিৰ নিশ্বাস পেলায়।

ইতিমধ্যে বিভাগী কৰ্মচাৰী সকলে নিৰিক্ষণ কৰি জলপথটো সুগম কৰি তুলিছে।  বিভাগী কৰ্মচাৰী সকলে জনোৱা মতে জাহাজ চলাচল কৰিব পৰাকৈ পথটো যথেষ্ট গভীৰতা আছে বুলি জানিবলৈ দিয়ে। এতিয়াৰ পৰা কোনো কাৰণতে যাতে ঐতিহাসিক ঘাটটো পুনৰ স্থানান্তৰ তাৰ বাবে মাজুলীৰ সচেতন মহলে দাবী জনাই আভ্যন্তৰীণ জল পৰিবহনৰ বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ তৎপৰতাত সন্তোষ প্ৰকাশ কৰিছে। পৰিস্থিতি একেদৰে থাকিলে জলপথটোৰে অধিক জাহাজ আৰু ৰ’ পেক্স জাহাজ চলাচল কৰাৰ সম্ভাৱনা আছে বুলি আভ্যন্তৰীণ জল পৰিবহনৰ বিভাগৰ সূত্ৰত প্ৰকাশ।

You might also like