নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ দিনে সন্ধানহীন লাহৰীঘাটৰ যুৱক ছাদিকুল হক

নিয়মীয়া বাৰ্তা, ১৯ মেঃ লাহৰীঘাটত এজন যুৱকৰ ১০ দিন ধৰি সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লাহৰীঘাটৰ টেঙাগুৰি গাঁৱৰ ছাদিকুল হক নামৰ যুৱকজন কৰ্মসুত্ৰে ডিমাপুৰত থাকে।

যোৱা ৬ তাৰিখে ভোট দান কৰাৰ উদ্দেশ্যে নিজ গৃহ টেঙাগুৰি লৈ আহিছিল। পিছত যোৱা ৯ মেত যুৱক জন ডিমাপুৰত যোৱাৰ উদ্দ্যেশে ঘৰৰ পৰা ওলাই গৈছিল। সেইদিনাৰ পৰা যুৱক জনৰ লগত পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হয়। বহু বিচাৰ খোচাৰ কৰিও যুৱকজনৰ সন্ধান নাপায় পিছদিনা  পৰিয়ালৰ লোক লাহৰীঘাট আৰক্ষী থানাত যুৱকজন নিৰুদ্দেশ হোৱা বুলি জনায়।

ইয়াৰ ডিমাপুৰৰ এখন থানাতো নিৰুদ্দেশৰ জাননী দিয়ে। কিন্তু ১০ দিন উকলি যোৱাৰ পিছতো যুৱকজনৰ কোনো সন্ধান ওলাব পৰা নাই আৰক্ষী প্ৰশাসনে। পৰিয়ালৰ লোকৰ সন্দেহ কোনোবাই ডিমাপুৰ যোৱা পথত অপহৰণ কৰিছে। যুৱকজনৰ সন্ধান কৰিবলৈ পৰিয়ালৰ লোকে আৰক্ষী প্ৰশাসনৰ লগতে মূখ্যমন্ত্ৰীক কান্দি কান্দি অনুৰোধ জনায়। কাৰণ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী হোৱা বাবে যুৱক জন সন্ধানহীন বোৱাত পৰিয়ালৰ মাজত হাহাকাৰ ময় পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনোবা সদাশয় ব্যক্তিয়ে যদি যুৱকজনৰ সন্ধান পাই ৯৩৬৫৮১৫১০৮ আৰু ৮৭৩২৮৭২০৬২ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

প্ৰেৰক আবুল কালাম

You might also like