নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বন বিষয়াৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আ*ক্ৰমণ

আক্ৰমণত কাৰ্যালয়ৰ লগতে বনকৰ্মীৰ আৱাসৰ খিৰিকীৰ গ্লাচ-দৰ্জা ভাঙি চূৰ্ণ-বিচূৰ্ণ

নিয়মীয়া বাৰ্তা, জোনাই ১৯ মে : জোনাই আঞ্চলিক বনবিভাগৰ অন্তৰ্গত অসম অৰুণাচল সীমান্ত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত থকা লেকু বিটত দূৰ্বৃত্তৰ আক্ৰমণ, আক্ৰমণ ফলত কাৰ্যালয়ৰ লগতে বনকৰ্মীৰ আবাস গৃহৰ খিৰিকীৰ গ্লাচ দৰ্জা ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰে।

কথমপি প্ৰাণ ৰক্ষা দুজন কৰ্মচাৰীৰ। জানিব পৰা মতে আজি পূৱতি নিশা প্ৰায় ৪ বজাত পাচিঘাট দিশৰ পৰা এখন এল্ট গাড়ীত অহা দূৰ্বৃত্তৰ দলটোৱে ঐ আসাম পুলিচ বুলি চিঞৰি দৰ্জাত গুৰ মাৰে৷  ফলত  কাৰ্যালয়ত  ভিতৰত  থকা  কৰ্মচাৰী এজনে দুৱাৰখন খুলিব ধৰোতে  যুৱকেইজনৰ হাতত দা খন দেখি ভয়তে  ভিতৰতে  সোমাই থাকে৷

কৰ্মচাৰীগৰাকীয়ে জানিবলৈ দিয়া মতে এল্টখনত প্ৰায় ৫জন যুৱকৰ ভিতৰত দুজন যুৱক নামি আহি প্ৰায় ২০ মিনিট ধৰি শিল মাৰি কাৰ্যালয় লগতে কোৱাটাৰৰ খিৰকীৰ দৰ্জা ভাঙি লণ্ডভণ্ড কৰে ৷ ইয়াৰ পিছত দূৰ্বৃত্তৰ দলটোৱে ৰুকচিন দিশলৈ গুচি যায়৷

উল্লেখযোগ্য যে লেকু বিটত যিমানকেইজন কৰ্মচাৰী থাকিব লাগে ইমান কৰ্মচাৰী নাই৷ বিটখনত চাৰিজন কৰ্মচাৰী আছে যদিও ইয়াৰে মাত্ৰ দুজন কৰ্মচাৰী থাকে যাৰ ফলত ভয় শংকাত সময় পাৰ কৰিবলগীয়া হয়৷ ইতিমধ্যে জোনাই আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷  দূৰ্বৃত্তৰ দলটোৱে কি কাৰণত  এনে ঘটনা কৰিলে এইয়া আৰক্ষী তদন্ততহে পোহৰলৈ আহিব৷

প্ৰেৰক কৰবী দলে

You might also like