পাৰিলে গ্রেপ্তাৰ কৰক ! প্রত্যাহ্বান জনাই কাৰাগাৰৰ পৰা পলায়ন বন্দীৰ
🔹 আমেৰিকাৰ নিউ অৰলিন্সৰ ঘটনাক লৈ চাঞ্চল্য
নিউজ ডেস্ক, ১৯ মে’ : আমেৰিকাৰ কাৰাগাৰ কর্তৃপক্ষক প্রত্যাহ্বান জনাই ১০জন বন্দীয়ে পলায়ন কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ নিউ অৰলিন্সৰ কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পূর্বে বন্দীসকলে লিখি থৈ যায়– ‘পাৰিলে আমাক গ্রেপ্তাৰ কৰক৷’ দেৱালত কাৰাগাৰ কর্তৃপক্ষক বিভিন্ন ধৰণে প্রত্যাহ্বান জনাই এনে বার্তা লিখি থৈ গৈছে ১০জন বন্দীয়ে৷ ইতিমধ্যে এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰা হৈছে যদিও পলাতক বন্দীকেইজনক গ্রেপ্তাৰ কৰিব পৰা নাই কাৰাগাৰ কর্তৃপক্ষই৷ আমেৰিকাৰ দৰে দেশৰ কাৰাগাৰত বন্দীয়ে এনেদৰে কর্তৃপক্ষক প্রত্যাহ্বান জনাই পলায়ন কৰা ঘটনাক লৈ বিশ্বৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ লক্ষণীয়ভাৱে এনে লজ্জাজনক ঘটনাৰ পাছত মৌনতা অৱলম্বন কৰিছে কাৰাগাৰ কর্তৃপক্ষই৷