বিশেষ বাৰ্তা, ২০ মে’ : সুদীৰ্ঘ ৩২ বছৰে বাতৰি কাকত বিলাই এখৰাকী প্ৰতিষ্ঠিত বাতৰিকাকত যোগনীয়াৰ হিচাপে পৰিচিত নলবাৰীৰ মণ্টু হাজৰিকা গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।
নলবাৰী চহৰৰ পাৰ্শ্বৱৰ্তী মাজদিয়া গাঁৱৰ বাসিন্দা অতি বিনয়ী ব্যৱহাৰৰ মণ্টু হাজৰিকাই যতি নপৰাকৈ নলবৰী চহৰৰ লগতে বাঁহজানী অঞ্চলত বাতৰি কাকত বিতৰণ কৰি আহিছে।কিন্তু দুখন খবৰ যে মণ্টু হাজৰিকা গুৰুতৰভাৱে অসুস্থ।
মাত্ৰ কেইদিনমান আগত হঠাতে তেওঁ হৃদপিণ্ড জনিত ৰোগত অসুস্থ হৈ পৰে। হাহাকাৰ লগে বৃদ্ধা মাতৃ, পত্নী,দুই শিশু পুত্ৰ সংপৃক্ত মণ্টুৰ সাধাৰণ পৰিয়ালটোত। চিকিৎসকৰ পৰামৰ্শ মতে অসুস্থ মণ্টুক ভৰ্তি কৰোৱা হয় গুৱাহাটীৰ হেলথ চিটি হস্পিতালত।
আনৰ পৰা টকা ধাৰলৈ লৈ আৰু দুই -একোজন তেওঁৰ শুভাকাংক্ষীৰ আৰ্থিক সহায়ত যোৱা ১ মে’ত তেওঁৰ অপাৰেশ্যন সম্পন্নৰ পিছত সামান্য সুস্থ হৈ উঠাত তেওঁক নিজ ঘৰলৈ অনা হয়।যি দু-পইচা সাচতীয়া ধন আছিল সেয়া চিকিৎসাতে শেষ।এমাহ ধৰি তেওঁ বাতৰি কাকত বিলাব পৰা নাই। ফলত ঘৰ খনত যথেষ্ট অভাৱে দেখা দিছে।
সেয়েহে, এই পৰিয়ালটোক স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লগতে চৰকাৰক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ সচেতন ৰাইজে অনুৰোধ জনাইছে। উল্লেখ্য, ১৯৯৩ চনৰ পৰাই মণ্টু হাজৰিকাই বগলছৰোডৰ ‘ডেকা পেপাৰ এজেন্সি” আৰু নলবাৰী চহৰৰ ‘জাৰ্ণাল এম্প’ৰিয়াম’ৰ পৰা বাতৰিকাকত সংগ্ৰহ কৰি নলবাৰী জিলাৰ অনেক লোকৰ ঘৰে ঘৰে বাতৰিকাকত বিলাই আহিছে।
প্ৰেৰক অৰূপ বৰ্মন