নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তাত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যৎ

নিয়মীয়া বাৰ্তা, ২০  মে’ : এইবেলিৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জ্যেষ্ঠ কংগ্ৰেছী নেতা ৱাজেদ আলী চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যতকলৈ উত্থাপিত হৈছে প্ৰশ্ন চিহ্নৰ। দৰাচলতে, বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নিজৰ বিধানসভা সমষ্টিৰ মুঠ ৪টা জিলা পৰিষদ সমষ্টিৰ  মাথো এটাৰ সদস্য পদত কংগ্ৰেছে বিজয়ী হ’বলৈ সক্ষম হোৱাৰ পৰিপ্ৰেক্ষিতত জন্ম দিছে সেই প্ৰশ্নৰ।

সমান্তৰালকৈ, পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে নিজৰ সমষ্টিৰ গৰিষ্ঠ সংখ্যক ভোটাৰ ৰাইজৰ মাজত বিধায়ক চৌধুৰীৰ গ্ৰহণযোগ্যতা ক্ৰমশঃ নিম্নগামী হোৱাৰ বিষয়টোও স্পষ্ট কৰি দিয়া বুলিও আঙুলিয়াই দিছে স্থানীয় একাংশ ৰাজনৈতিক বিশ্লেষকে।

আনকি চৌধুৰীৰ দূৰ্গ বুলি পৰিচিত চলাকুৰা জিলা পৰিষদৰ সদস্য পদতো কংগ্ৰেছে  পৰাজয় বৰণ কৰৰ ঘটনা ৱাজেদ আলী চৌধুৰীৰ বাবে ৰাজনৈতিক বিপদ সংকেত বুলিয়েই বিবেচিত হৈছে। উল্লেখ্য যে, দক্ষিণ শালমাৰা তথা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অধুনা বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত চলাকুৰা জিলা পৰিষদটো কংগ্ৰেছ তথা আলীৰ দূৰ্গ বুলি জনাজাত। কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে এই জিলা পৰিষদটোত বিজয়ী হৈছে এআইইউডিএফৰ লাইলা বেগমে।

কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত কৰে। উল্লেখ্য যে, জিলা পৰিষদটোৰ সদস্য পদত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীগৰাকী  আছিল ৱাজেদ আলী চৌধুৰীৰ ভতিজা। আনহাতে বিধানসভা সমষ্টিটোৰ ফকিৰগঞ্জ-আইৰকাটা জিলা পৰিষদৰ সদস্য পদত এআইইউডিএফৰ ৰেজিনা বেগম বিজয়ী হোৱাৰ বিপৰীতে নায়েৰ আলগা – টিলাপাৰা জিলা পৰিষদৰ সদস্য পদত বিজয় লাভ কৰিছে প্ৰাক্তন কংগ্ৰেছী নেতা আলী আকবৰ মিঞাঁৰ পত্নী ফৰিদা ইয়াছমিন মিঞাঁই।

এআইইউডিএফৰে হোৱা তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত বীৰসিং জৰুৱা সমষ্টিৰ বাহিৰ শালমাৰা জিলা পৰিষদৰ সদস্য পদত বিজয়ী হয় কংগ্ৰেছে প্ৰাৰ্থী শাহনাহাজ বেগম।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like