Golden Dome : আমেৰিকাৰ আকাশত এইবাৰ ‘সোণালী কৱচ’
🔹 অত্যাধুনিক ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাৰ পদক্ষেপ গ্রহণ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ
🔹 Golden Dome : আমেৰিকাৰ আকাশত এইবাৰ ‘সোণালী কৱচ’
নিউজ ডেস্ক, ২২ মে’ : চাৰি বছৰৰ ভিতৰতে আমেৰিকাৰ আকাশ প্রতিৰক্ষা ব্যৱস্থা (এয়াৰ ডিফেঞ্চ ছিষ্টেম)ত দেখিবলৈ পোৱা যাব ‘সোণালী কৱচ’ (গ’ল্ডেন ডোম) ৷ আমেৰিকাক ক্ষেপণাস্ত্র আক্রমণৰ পৰা ৰক্ষা কৰিবলৈ এই নতুন প্রতিৰক্ষা ব্যৱস্থাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিলে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৷
এই পৰিকল্পনাৰ বাস্তৱ ৰূপ দিবলৈ আমেৰিকাৰ কোষাগাৰৰ পৰা দিব লাগিব প্রায় ১৭,৫০০ কোটি ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ১৫ লাখ কোটি টকা৷ প্রাৰম্ভিকতে এই প্রতিৰক্ষা ব্যৱস্থা নির্মাণৰ বাবে আঢ়ৈ হাজাৰ কোটি ডলাৰ প্রদান কৰা হ’ব৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত এই ব্যৱস্থাৰ বাবে প্রাথমিকভাৱে মুকলি কৰি দিয়া হ’ব ২ লাখ ১৪ হাজাৰ কোটিতকৈ অধিক টকা৷
ৰাষ্ট্রপতি ট্রাম্পে ধাৰণা কৰা অনুসৰি ২০২৯ চনৰ ভিতৰতে আমেৰিকাই লাভ কৰিব এই নতুন আকাশ প্রতিৰক্ষা ব্যৱস্থা৷ ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰৰ সময়ত বাৰে বাৰে শুনিবলৈ পোৱা গৈছিল ট্রাম্পৰ মুখত এই নতুন প্রতিৰক্ষা ব্যৱস্থাৰ কথা৷ এইবাৰ সেই কথা দেশবাসীক স্মৰণ কৰাই দিলে ৰাষ্ট্রপতিগৰাকীয়ে৷ হোৱাইট হাউছত ট্রাম্পে উল্লেখ কৰে যে আমেৰিকাবাসীক দিয়া প্রতিশ্রুতি অনুযায়ী অত্যাধুনিক ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাৰ কাম আৰম্ভ কৰা হ’ব৷ গ’ল্ডেন ডোম স্থাপন হ’লে আমেৰিকাত ক্ষেপণাস্ত্রৰে শত্রুপক্ষৰ আক্রমণৰ সকলো চেষ্টা ব্যর্থ হ’ব বুলিও ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰিছে৷
লক্ষণীয়ভাৱে ক্ষেপণাস্ত্র প্রতিৰক্ষাৰ ক্ষেত্রত বিশ্বৰ প্রথম দেশ হিচাপে আমেৰিকাই অত্যাধুনিক ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হ’ব বুলিও ট্রাম্পে মন্তব্য কৰিছে৷ আমেৰিকাৰ এই প্রচেষ্টাৰ সৈতে জড়িত হ’ব পাৰে কানাডাও৷ কিন্তু কানাডা চৰকাৰৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে ট্রাম্পৰ এই প্রস্তাৱ সন্দর্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা হোৱা নাই৷