আজি দিনটোৰ ৰাশিফল, আজি ২৪ মে’, জেঠ মাহৰ ৯ তাৰিখ
শনিবাৰ : তিথি– কৃষ্ণা একাদশী, নক্ষত্র : ৰেৱতী, যাত্রা : নাই
মেষ : এই ৰাশিৰ জাতক–জাতিকাৰ দিনটো বৰ ভাল বুলি ক’ব নোৱাৰি৷ পৰিয়ালৰ কোনোবাৰ অসুস্থতাৰ কাৰণে অর্থ ব্যয় হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ২ ৷
বৃষ : আর্থিক ক্ষেত্রত উন্নতি ঘটিলেও ৰাহুৱে ধৰি ৰাখিব৷ চাকৰিয়ালৰ কাৰণে দিনটো শুভ৷ প্রেমত শুভ৷ শুভ সংখ্যা ৮, শুভ ৰং গুলপীয়া৷
মিথুন : কর্মক্ষেত্রত অমনোযোগে দেখা দিব৷ মানসিক চিন্তা থাকিব৷ ব্যৱসায়ত মধ্যম৷ প্রেমত অশুভ ফলদায়ক৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
কর্কট : আজিৰ দিনটোত পৰিশ্রম অনুযায়ী ফল নাপাব৷ মূৰৰ যন্ত্রণাত ভুগিব পাৰে৷ বিদ্যার্থীসকলে পঢ়া–শুনাৰ বিষয়ে গুৰুত্ব দিব লাগিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
সিংহ : আর্থিক ক্ষেত্রত উন্নতি ঘটিলেও ক্ষতি হোৱাৰো সম্ভাৱনা৷ ভ্রমণৰ যোগ দেখা যায়৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
কন্যা : ঘৰুৱা কাজিয়া–পেচালৰ কাৰণে মন বিক্ষিপ্ত থাকিব৷ যান–বাহনৰ ক্ষেত্রত সাৱধান থাকিব৷ আর্থিক ক্ষেত্রত ভালেই দেখা যায়৷
তুলা : পুৰণি প্রাপ্য ধন প্রাপ্তিৰ যোগ দেখা যায়৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷
বৃশ্চিক : কর্মক্ষেত্রত শত্রুৰ পৰা সাৱধান থাকিব৷ ভ্রমণৰ যোগ দেখা যায়৷ অসুস্থতাৰ কাৰণে কিছু অর্থ ব্যয় হ’ব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
ধনু : ব্যৱসায়ৰ ক্ষেত্রতো ভাল দেখা নাযায়৷ বন্ধুৰ পৰা সাৱধানে থাকিব৷ দিনটোত খৰচৰ মাত্রা বৃদ্ধিৰ ফলত মানসিক চিন্তা থাকিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷
মকৰ : কর্মক্ষেত্রত নানা ভুল–ভ্রান্তি হ’ব পাৰে৷ গতিকে সতর্ক থাকিব৷ দাম্পত্য আৰু প্রেমত বিবাদ–বিতর্ক৷ ব্যৱসায়ৰ ক্ষেত্রতো ভাল দেখা নাযায়৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
কুম্ভ : অনাৱশ্যক খৰচ আৰু ৰাগ–খং বৃদ্ধি৷ হ’বলগীয়া পৰি থকা কাম আজি নতুনকৈ আৰম্ভ কৰিব পাৰিব৷ প্রেমত শুভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷
মীন : ব্যৱসায়ত মধ্যম৷ ভ্রমণৰ যোগাযোগ৷ ঘৰৰ কর্ম ব্যস্ততা বাঢ়িব৷ বন্ধুৰ লগত মনোমালিন্য দেখা যায়৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷