নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত-কোহলিৰ অৱসৰ সন্দর্ভত নীৰৱতা ভংগ গম্ভীৰৰ

ৰোহিত-কোহলিৰ অৱসৰ সন্দর্ভত নীৰৱতা ভংগ গম্ভীৰৰ

নিউজ ডেস্ক, ২৪ মে’ : দুই তাৰকা ক্রিকেটাৰ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ টেষ্ট ক্রিকেটৰ পৰা অৱসৰ সন্দর্ভত অৱশেষত নীৰৱতা ভংগ কৰিলে টীম ইণ্ডিয়াৰ প্রশিক্ষক গৌতম গম্ভীৰে৷

মাত্র ৫ দিনৰ ভিতৰত ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ টেষ্ট ক্রিকেটৰ পৰা আকস্মিক অৱসৰক ব্যক্তিগত পছন্দবুলি অভিহিত কৰি তেওঁলোকৰ সিদ্ধান্তক সন্মান জনোৱাৰ আহ্বান জনাইছে প্রশিক্ষক গম্ভীৰে৷ সংবাদ প্রতিষ্ঠানৰে হোৱা এক সাক্ষাৎকাৰত গৌতম গম্ভীৰে কয় যে যেতিয়া আপুনি খেলিবলৈ আৰম্ভ কৰে আৰু কেতিয়া খেলা বন্ধ কৰে, সেয়া ব্যক্তিগত সিদ্ধান্ত৷ ইয়াক লৈ কাৰো একো কোৱাৰ অধিকাৰ নাই৷

কোনো প্রশিক্ষক, নির্বাচক বা দেশে ক’ব নোৱাৰে যে আপুনি কেতিয়া অৱসৰ ল’ব৷ প্রশিক্ষক গম্ভীৰৰ মতে দুগৰাকী অভিজ্ঞ ক্রিকেটাৰৰ বিদায়ে বাকীসকলক নিজকে প্রমাণ কৰাৰ সুযোগ দিছে৷ আমি দুজন অভিজ্ঞ ক্রিকেটাৰ অবিহনে খেলিম৷ কেতিয়াবা মই অনুভৱ কৰোঁ যে বাকীসকলৰ বাবে এইটো এটা ডাঙৰ সুযোগ৷ গম্ভীৰে লগত কয় যে ৰোহিত আৰু কোহলিৰ অবিহনে খেলাটো কঠিন৷ কিন্তু মই এই প্রশ্ণৰ উত্তৰ আগতেও দিছোঁ৷

এই প্রশ্ণটোও সোধা হৈছিল যেতিয়া আমি চেম্পিয়নছ ট্রফীত যশপ্রীত বুমৰাহ অবিহনে খেলিছিলোঁ৷ মই কৈছিলোঁ– যেতিয়া এজনক ড্রপ কৰা হয়, তেতিয়া আন এজনে সুযোগ পায়৷ মই আশা কৰিছোঁ– ভৱিষ্যতেও সেয়া হ’ব৷ ইপিনে, ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত ৰোহিত আৰু কোহলিক দেখা পোৱা যাব নে নাই সেই সন্দর্ভত প্রশিক্ষক গম্ভীৰে কয় যে এদিনীয়া বিশ্বকাপলৈ এতিয়াও বহু দূৰ৷ সন্মুখত টি–২০ বিশ্বকাপ, আমাৰ বাবে সেয়া এক ডাঙৰ প্রতিযোগিতা৷ ইংলেণ্ড শৃংখলাৰ পিছতেই টি–২০ বিশ্বকাপৰ ওপৰত সম্পূর্ণ গুৰুত্ব দিয়া হ’ব৷ ইয়াৰ উপৰি ২০২৭ চনৰ নৱেম্বৰ–ডিচেম্বৰল্ এতিয়াও ডেৰ–দুই বছৰ বাকী আছে৷

মই সদায় কৈ আহিছোঁ যে ভাল খেলিলে বয়স মাত্র এটা সংখ্যা৷ ইফালে, ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে কাইলৈ ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়কৰ নাম ঘোষণা কৰাৰ লগতে আগন্তুক ইংলেণ্ড ভ্রমণৰ বাবে ভাৰতীয় টেষ্ট দলটোও ঘোষণা কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ কাইলৈ এক সংবাদ মেল আয়োজন কৰি প্রশিক্ষক গম্ভীৰ আৰু মুখ্য নির্বাচক অজিত আগৰকাৰে ভাৰতৰ নতুন টেষ্ট অধিনায়ক আৰু ইংলেণ্ড ভ্রমণ কৰিবলগীয়া ভাৰতীয় টেষ্ট দলটো ঘোষণা কৰিব বুলি জানিব পৰা গৈছে৷

You might also like