🔹 সম্প্রীতিৰ নজিৰ : একেটা ভৱনত হিন্দু–মুছলিমৰ দুখন বিবাহ সম্পন্ন
🔹 পুনেত মুষলধাৰ বৰষুণে ধুই নিলে ধর্মীয় ভেদাভেদ
নিউজ ডেস্ক, ২৪ মে’ : বিবাহ অনুষ্ঠানৰ মাজতে মুষলধাৰ বৃষ্টিপাত৷ এই হঠাতে অহা বৰষুণত উটি গ’ল ধর্মীয় ভেদাভেদ৷ হিন্দু–মুছলিমৰ চাৰি তৰুণ–তৰুণীয়ে একেলগে জীৱন কটোৱাৰ শপত ল’লে এখন ছাদৰ তলত৷ ধর্মৰ ভেদ-ভাব থাকিলেও দুই নৱদম্পতীক আশীর্বাদ কৰিলে নিমন্ত্রিত অতিথিসকলে৷
সাম্প্রদায়িক সম্প্রীতিৰ নজিৰ গঢ়ি একেলগে উভয়পক্ষৰ নিমন্ত্রিত অতিথিসকলে প্রীতিভোজো খালে৷ এই ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্রৰ পুনেত৷
জানিব পৰা গৈছে যে যোৱা মঙলবাৰে একে স্থানত দুখনকৈ বিয়াৰ আয়োজন কৰা হৈছিল৷ সংস্কৃতি কাৱাড়ে পাটিল আৰু নৰেন্দ্র গালান্দে পাটিল নামৰ দুই যুৱক–যুৱতীৰ বিয়াৰ অনুষ্ঠান চলিছিল এখন খেলপথাৰত৷ সন্ধিয়া ৬.৫৬ বজাত আছিল বিয়াৰ লগ্ণ৷ এই খেলপথাৰৰ কাষতেই এটা হলত চলিছিল মুছলিম যুৱক–যুৱতী মাহিন আৰু মহচিনৰ নিকাহৰ কাম–কাজ৷ একে সময়তে দুয়োখন বিয়া চলি আছিল যদিও হঠাতে মুষলধাৰ বৰষুণ অহাত মাহিন–মহচিনৰ নিকাহস্থলীত উপস্থিত হয় নৰেন্দ্র আৰু সংস্কৃতিৰ আমন্ত্রিত অতিথিসকল৷ আনকি দৰা–কইনাও গৈ বিবাহ ভৱনটোত উপস্থিত হয়৷ তেতিয়াই মুষলধাৰ বৰষুণৰ মাজতে উভয় পক্ষৰ বিয়া একেখন ৰভাৰ তলত সম্পাদন হয় অতিথিসকলৰ তৎপৰতাত৷