নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ নাগৰিকৰ সৈতে বাংলাদেশৰ পৰা আহিছে মৌলবাদীও

🔹 মৌলবাদীক উৎখাত কৰিবলৈ বিশেষ অভিযানৰ আহ্বান আছুৰ

বিশেষ বাৰ্তা, ২৫ মে’ : বছৰ বছৰ ধৰি অবৈধ বাংলাদেশী নাগৰিকে ভাৰতবর্ষত বিভিন্ন সমস্যা সৃষ্টি কৰি থকাৰ সময়তে কালি কেন্দ্রীয় চৰকাৰৰ বিদেশ মন্ত্রালয়ে সংবাদ মেলত ভাৰতত মাত্র ২,৩৬৯জন বাংলাদেশী নাগৰিকেহে অবৈধভাৱে ভাৰতত বসবাস কৰি থকা বুলি কৰা মন্তব্যৰ পাছতে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্র সন্থা৷ অবৈধ বাংলাদেশী বিতাড়নৰ বাবে অসম আন্দোলনকে ধৰি বিভিন্ন সময়ত বহু কঠোৰ কার্যসূচী গ্রহণ কৰি অহা ছাত্র সন্থাই কেন্দ্রীয় চৰকাৰৰ শেহতীয়া তথ্যত কোনো কাৰণতে আশ্বস্ত হ’ব পৰা নাই৷

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই বাংলাদেশী বিতাড়ন সন্দর্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে সময়ে সময়ে কেন্দ্রীয় চৰকাৰে সংসদত বাংলাদেশী প্রব্রজনক লৈ তথ্য দি আহিছে৷ আইএমডিটি আইন বাতিলৰ পাছত উচ্চতম ন্যায়ালয়ে ব্যাপক হাৰত অবৈধ বাংলাদেশীৰ বাবে বহিঃআগ্রাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছিল বুলি মন্তব্য কৰিছিল৷ আনকি গুৱাহাটী উচ্চ ন্যায়ালয়েও অবৈধ বাংলাদেশীয়ে অসমত প্রৱেশ কৰি ভোটাৰ তালিকাত নাম সোমাইছে বুলি উল্লেখ কৰিছিল৷ এইদৰে প্রব্রজন চলি থাকিলে খিলঞ্জীয়া হিন্দু, মুছলমান নিজ মাতৃভূমিতে সংখ্যালঘুত পৰিণত হ’ব বুলিও শংকা প্রকাশ কৰিছিল আদালতে৷ ইউপিএ চৰকাৰ চলি থকাৰ সময়ত শ্রীপ্রকাশ জয়ছোৱালে সংসদৰ মজিয়াত এখন প্রতিবেদন দিছিল৷ তেতিয়াই কেন্দ্রীয় চৰকাৰে সমগ্র ভাৰতত প্রায় এক কোটি ২০ লাখ বাংলাদেশী আছে বুলি সদৰী কৰিছিল৷ ইয়াৰে ৫০ লাখ অসমত আৰু বাকীখিনি পশ্চিমবংগত আছে৷ সংসদত এগৰাকী মন্ত্রীয়ে কথা কোৱাৰ সময়ত চৰকাৰী তথ্যৰ ওপৰত ভিত্তি কৰিয়েই সকলো কথা সদৰী কৰে৷ গতিকে কেন্দ্রীয় চৰকাৰে সমগ্র ভাৰতত ২,৩৬৯জন বাংলাদেশী থকা বুলি কোৱা কথাটো পতিয়নযোগ্য কোনো কাৰণতে নহয়৷

অকল সেয়াই নহয়, মৌলবাদী সন্দর্ভতো তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্য উপদেষ্টা ড০ ভট্টাচার্যই৷ অবৈধ বাংলাদেশীয়ে নহয়, বাংলাদেশৰ পৰা অহা মৌলবাদী শক্তিক পুলিয়ে–পোখাই উৎখাত কৰিবলৈ কেন্দ্রীয় চৰকাৰক প্রবল দাবী জনাই সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে বাংলাদেশৰ উন্মুক্ত সীমান্তৰে অকল বাংলাদেশীয়ে নহয়, মৌলবাদী শক্তিয়েও প্রৱেশ কৰিছে৷ পাকিস্তান–বাংলাদেশৰ পৰাই ভাৰতবিৰোধী কাম চলি আছে৷ জম্মু–কাশ্মীৰৰ ক্ষেত্রত যিদৰে প্রত্যুত্তৰ–প্রতিশোধৰ সিদ্ধান্ত লোৱাৰ প্রয়োজন অনুভৱ কৰা হৈছে, তেনেদৰে ভাৰতবিৰোধী কাম কৰা বাংলাদেশৰ অবৈধ বাংলাদেশী আৰু মৌলবাদী শক্তিৰ বিৰুদ্ধেও কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা চৰকাৰে ল’ব লাগে৷ এই ভাৰতবিৰোধী শক্তিবোৰক পুলিয়ে–পোখাই উৎখাত কৰিবলৈ এক বিশেষ অভিযান কেন্দ্রীয় চৰকাৰে তৎকালীনভাৱে চলাব লাগে৷ অসমৰ মাটিত থাকি বাংলাদেশীয়ে ভাৰতবিৰোধী কামত লিপ্ত হ’ব৷ সেয়া মানি লোৱা নহ’ব৷ গতিকে অসমৰ মাটিত থাকি মৌলবাদীয়ে অবৈধ বাংলাদেশীৰ ৰূপত অশান্তি সৃষ্টি কৰা বিষয়টোও মানি ল’ব নোৱাৰি৷

অসম তথা উত্তৰ–পূর্বাঞ্চলৰ পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰি আছুৰ মুখ্য উপদেষ্টা ড০ ভট্টাচার্যই পুনৰ কয় যে আমাৰ অঞ্চলটো দ্বিতীয়খন জম্মু–কাশ্মীৰ হ’বলৈ দিব নোৱাৰোঁ৷ সময় থাকোঁতে কেন্দ্রীয় চৰকাৰে এই অপশক্তিসমূহক উৎখাত কৰিবলৈ কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱাটো আমি বিচাৰিছোঁ৷

You might also like