নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীৰ বাতাহিদিয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়াৱহ ৰূপ

🔹 খহাই নিলে প্ৰাথমিক বিদ্যালয়-কৃষিভূমি
নিয়মীয়া বাৰ্তা, ১ জুন : ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ বাতাহিদিয়া চৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ উল্লেখ্য যে বাতাহিদিয়া গাঁও পঞ্চায়তৰ অধীনস্থ একাংশ চৰাঞ্চলত বিগত দিনৰ খহনীয়াত বহু পৰিয়ালৰ ভেটি-মাটি, আবাদী মাটি খহাই নিয়াত বহু পৰিয়াল সৰ্বস্বান্ত হৈ পেটৰ তাড়নাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনহাজিৰা কৰিবলৈ বাধ্য হৈছে৷ স্মাৰ্তব্য যে বিগত দিনত কংগ্ৰেছ চৰকাৰে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া প্ৰতিৰোধৰ বাবে ফুটাকড়ি এটাও মোকলাই নিদিয়াৰ ফলত মাটি-বাৰী হেৰুৱাই বহু পৰিয়াল সৰ্বস্বান্ত হৈছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পৰাই কংগ্ৰেছ চৰকাৰখনে সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে মাত্ৰ ভোটবেংক হিচাপে ব্যৱহাৰ কৰি অহা বুলি নৈপৰীয়া ৰাইজে অভিযোগ উত্থাপন কৰিছে৷  জানিব পৰা মতে, বিগত কিছুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত খহনীয়াই ভয়াৱহ ধাৰণ কৰিছে৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বাতাহিদিয়া প্ৰাথমিক বিদ্যালয়ৰ শৌচালয় ইতিমধ্যে নদীয়ে খহাই নিছে৷ আনকি উক্ত বিদ্যালয়খন বৰলুইতৰ খহনীয়াৰ কবলত পৰাত বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়গৃহৰ চালিৰ টিনপাত খুলি থকা বুলি জানিব পৰা গৈছে৷ অঞ্চলটোৰ ইৰিধান খেতি, মৰাপাট আদি কৃষিভূমি খহনীয়াৰ কবলত পৰিছে৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱাত এই খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাত কেইবাটাও পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে৷ বাতাহিদিয়াত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’বলৈ নৈপৰীয়া ৰাইজে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে৷
প্ৰেৰক আনোৱাৰ হুছেইন
You might also like