নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান বাতিল

বিহু সমন্বয়ৰক্ষী সমিতিৰ সভাত গুৰুত্বপূর্ণ সিদ্ধান্ত

নিয়মীয়া বার্তা, ২১ মার্চঃ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ক’ভিড–১৯ ৰ আতংক বিৰাজ কৰিছে ৷ শেহতীয়াকৈ বিশ্বজুৰি সন্ত্রস সৃষ্টি কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ চৰকাৰ–প্রশাসনে চৰকাৰী–বেচৰকাৰী প্রতিষ্ঠানসমূহক সতর্কতা অৱলম্বন কৰিবলৈ নির্দেশনা জাৰি কৰি জিলাই জিলাই সজাগতা বৃদ্ধিৰ বাবে স্থানীয় প্রশাসনক বিহিত ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে ৷ স্কুল–কলেজ তথা মহাবিদ্যালয়ৰ লগতে অন্যান্য সকলো চৰকাৰী–বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ অহা ৩১ মার্চলৈ বন্ধ ঘোষণা কৰি চৰকাৰে মাৰাত্মক ভাইৰাছ সংক্রমণৰ পৰা অসমবাসীক ৰক্ষা কৰিবলৈ বিহিত ব্যৱস্থা গ্রহণ কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ সকলো ব্যক্তিগত আৰু চৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানত ছেনিটাইজাৰ ব্যৱহাৰ, বায়’মেট্রিকৰ ব্যৱহাৰ নিষিদ্ধ ঘোষণা কৰি সতর্কতা অৱলম্বন কৰিবলৈ ৰাজ্য চৰকাৰে নির্দেশ দিছে ৷ তদুপৰি ৰে’লৱে ষ্টেচন আৰু বিমানবন্দৰতো চৰকাৰে যাত্রীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰিছে ৷

চৰকাৰ–প্রশাসনৰ এই পদক্ষেপৰ প্রতি সঁহাৰি জনাই মহানগৰীৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান সাময়িকভাৱে বন্ধ ৰখা পৰিলক্ষিত হৈছে ৷ এই মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে জনসমাগমৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আহ্বান জনাই সভা–সমিতি অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৷ ক’ৰোনা ভাইৰাছৰ আতংক বিৰাজ কৰি থকাৰ সময়তে গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিয়ে সমাগত ৰঙালী বিহুৰ অনুষ্ঠান সাময়িকভাৱে বাতিল কৰিছে ৷ শুকুৰবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ কার্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত এই সিদ্ধান্ত গ্রহণ কৰা বুলি সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক প্রিন্স ফাইজুল হকে জানিবলৈ দিছে ৷ তেওঁ কয় যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰ গুৱাহাটীৰ বিহু সমিতিসমূহে সাময়িকভাৱে সাংস্কৃতিক অনুষ্ঠান প্রত্যাহাৰ কৰিছে ৷ অৱশ্যে অহা ১৩ এপ্রিলৰ দিনা পৰিৱেশ–পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সম্ভৱ হ’লে পতাকা উত্তোলন, স্মৃতি তর্পণ আৰু শ্বহীদ তর্পণ কার্যসূচী গ্রহণ কৰা হ’ব বুলি তেওঁ কয় ৷ শুকুৰবাৰৰ সভাত লতাশিল, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী, নুনমাটি, পাণ্ডু, উলুবাৰী আৰু গণেশগুৰিকে ধৰি মহানগৰীৰ বিভিন্ন প্রান্তৰ ২৫খন বিহু সন্মিলনীৰ প্রতিনিধিয়ে উপস্থিত থাকি গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ সিদ্ধান্তক সমর্থন জনোৱা বুলি হকে জানিবলৈ দিছে ৷ উল্লেখ্য যে গুৱাহাটীত অর্ধশতাধিক বিহু সন্মিলনীয়ে প্রতিবছৰে ৰঙালী বিহু উদযাপন কৰি আহিছে ৷

You might also like