নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰীৰে যুঁজিবলৈ কেন্দ্র–ৰাজ্যই একেলগে কাম কৰিব লাগিব : মোদী

ক’ভিড–১৯ : মুখ্যমন্ত্রীসকলৰে প্রধানমন্ত্রীৰ বার্তালাপ

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুকুৰবাৰে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে ক’ভিড–১৯ ৰ বিৰুদ্ধে যুঁজ দিয়া সন্দর্ভত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে আলোচনাত মিলিত হয় ৷ প্রধানমন্ত্রী মোদীয়ে কয় যে মহামাৰী ক’ৰোনা ভাইৰাছৰ সংকট সকলো ৰাজ্যতে সমান ৷ কেন্দ্র আৰু ৰাজ্য সকলো চৰকাৰে মহামাৰীৰ বিৰুদ্ধে একেলগে যুঁজ দিব লাগিব ৷ এই প্রত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিবলৈ দেশৰ নাগৰিকৰ সহযোগিতা অত্যন্ত প্রয়োজনীয় ৷ কিন্তু ভীতিগ্রস্ত হোৱাৰ প্রয়োজন নাই ৷ তেওঁ আৰু কয় যে এই ভাইৰাছৰ সংক্রমণ ৰোধ কৰাত অনাগত ২–৩ সপ্তাহ অত্যন্ত গুৰুত্বপূর্ণ ৷ প্রধানমন্ত্রীৰে বার্তালাপৰ সময়ত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই এই মহামাৰীৰে যুঁজিবলৈ দেশত লেবৰেটৰীৰ সংখ্যা বৃদ্ধিত গুৰুত্ব দিয়ে আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বিদেশৰ পৰা ভাৰতলৈ আহিব লগা সকলো যাত্রী পৰিবাহী বিমান বন্ধ কৰিবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্রীসকলে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যসমূহক কেন্দ্রই কৰা সহায়–সহযোগৰ বাবে প্রধানমন্ত্রীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ প্রধানমন্ত্রী মোদীয়েও মুখ্যমন্ত্রীসকলক ৰাজ্যসমূহলৈ সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে ৷ প্রধানমন্ত্রীয়ে কয় যে দেশৰ অর্থনৈতিক বিপর্যয় ৰোধ কৰিবলৈ ভাৰত চৰকাৰে গঠন কৰা ক’ভিড–১৯ অর্থনৈতিক টাস্ক ফ’র্চে কার্যনীতি তৈয়াৰ কৰিব ৷ এই ভিডিঅ’ কনফাৰেন্সিঙত প্রধানমন্ত্রী মোদীক সংগ দিয়ে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধন আৰু স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকলে ৷

You might also like