গুগলৰ গুৰুত্বপূৰ্ণ পদত অসম কন্য়া প্ৰত্যাশা কলিতা
🔹 গুগলৰ পাঁচটা পৰ্যায়ত অনুষ্ঠিত সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ প্ৰত্যাশা
শিৱসাগৰ, ১৪ জুন : শিৱসাগৰ বিশ্ববিদ্যালয়ৰ (পূৰ্বৰ শিৱসাগৰ কলেজ, জয়সাগৰ) প্ৰাক্তন ছাত্রী তথা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা ৰুদ্ৰসাগৰ নিবাসী ড° প্রফুল্ল চন্দ্ৰ কলিতা আৰু গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্রিয়েল ইন্সটিটিউটৰ বিজ্ঞান শিক্ষয়িত্রী বেবী কলিতাৰ জ্যেষ্ঠ কন্যা প্রত্যাশা কলিতাৰ সাফল্যই সমগ্ৰ শিৱসাগৰ জিলাবাসীক উৎফুল্লিত কৰিছে। প্রত্যাশাই বিশ্বৰ আগশাৰীৰ কোম্পানী গুগলত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ হৈ আয়াৰলেণ্ডত SWE III (ছফটৱেৰ ইঞ্জিনিয়াৰ) পদত নিযুক্তি পাবলৈ সক্ষম হৈছে। ছাত্ৰী অৱস্থাৰ পৰাই বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত নিজৰ কৃতিত্ব দেখুৱাবলৈ সক্ষম হোৱা প্ৰত্যাশাই ২০১৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে ১৬নং স্থান পাবলৈ সক্ষম হৈছিল। তদুপৰি Assam Academy of Mathematics-এ আয়োজন কৰা Mathematics Olympiad 2015ত Category IIIত অসমৰ ভিতৰত দ্বিতীয় স্থান লৈ প্ৰাঞ্জল তালুকদাৰ মেম’ৰিয়েল বঁটা লাভ কৰিছিল। পুনৰ ২০১৬ চনত Mathematics Olympiadত Category IIIত অসমৰ ভিতৰত প্রথম স্থানেৰে প্ৰফেছৰ দুৰ্গেশ্বৰ দাস মেম’ৰিয়েল বঁটা আৰু ড° সুব্ৰতনন্দ দুৱৰা মেম’ৰিয়েল স্বর্ণ পদক লাভ কৰিছিল। তদুপৰি Society for Chemical Education, Assam-এ আয়োজন কৰা State Level Chemistry Olympiadত ২০১৭ চনত ৰাজ্যৰ ভিতৰত প্ৰথম হৈ নীলকান্ত ডেকা মেম’ৰিয়েল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আজমল ৰাষ্ট্ৰীয় প্রতিভা সন্ধানী পৰীক্ষাত ২০১১ চনত অসমৰ ভিতৰত দ্বিতীয়, ২০১২ চনত প্ৰথম, ২০১৩ চনত তৃতীয়, ২০১৫ চনত প্ৰথম হৈ জলপানি লাভ কৰিছিল। ২০১১ আৰু ২০১৩ বৰ্ষৰ সঁফুৰা প্ৰতিভা সন্ধানী পৰীক্ষাতো জলপানি লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৪ চনত জিজ্ঞাস প্রতিভা সন্ধানী পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰা প্রত্যাশাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান প্রতিভা সন্ধানী পৰীক্ষাতো (NSTSE) ২০১০ চনত ৰাজ্যৰ ভিতৰত দ্বিতীয়, ২০১১ চনত প্ৰথম, ২০১৪ আৰু ২০১৫ চনত উত্তৰ-পূব ৰাজ্যসমূহৰ ভিতৰত ক্ৰমে প্রথম আৰু দ্বিতীয় স্থান লাভ কৰিছিল। তদুপৰি এই পৰীক্ষাত ২০১২ চনত ৰাষ্ট্ৰৰ ভিতৰত ২৪নং স্থান লাভ কৰিছিল। উল্লেখযোগ্য যে ২০১৭ চনত ছাত্ৰীগৰাকী আমেৰিকাৰ বিখ্যাত বোষ্টন ইউনিভাৰ্চিটিলৈও জলপানিসহ দুমাহৰ গণিত বিষয়ৰ প্ৰশিক্ষণৰ বাবে আমন্ত্ৰিত হৈছিল। কিন্তু সেই সময়ত ছাত্ৰীগৰাকীয়ে আই আই টিৰ প্ৰৱেশমূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ বাবে উক্ত প্রশিক্ষণত ভাগ ল’ব পৰা নাছিল। অৱশেষত ২০১৮ চনৰ আই আই টি প্ৰৱেশ পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা প্ৰত্যাশাই পৰৱৰ্তী পৰ্যায়ত দেশৰ প্ৰথমখন ভাৰতীয় প্ৰায়োগিক প্রতিষ্ঠান খড়গপুৰত সাধাৰণ শ্ৰেণীৰ মেকানিকেল বিভাগত নামভর্তি কৰি বি.টেক সম্পূৰ্ণ কৰে। আয়াৰলেণ্ডত এমাজন কোম্পানীত আঢ়ৈ বছৰে SDE-I (ছফটৱেৰ ডেভেলপমেন্ট ইঞ্জিনিয়াৰ) পদত সফলতাৰে সেৱা আগবঢ়োৱা প্রত্যাশাই শেহতীয়াকৈ গুগলত লাভ কৰা নিযুক্তিয়ে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে জিলাবাসীক আনন্দিত কৰি তুলিছে।