নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰান-ইজৰাইল যুদ্ধ : তেহৰানক কঠোৰ সতৰ্কবাণী G7 শীৰ্ষ সন্মিলনৰ

ইৰানে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰিব?

ইৰান-ইজৰাইল যুদ্ধ : তেহৰানক কঠোৰ সতৰ্কবাণী G7 শীৰ্ষ সন্মিলনৰ

নিউজ ডেস্ক, ১৭ জুন : ইৰান-ইজৰাইলৰ মাজত চলি থকা যুদ্ধই অতি তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইফালে জি-৭ সন্মিলনৰ পৰা ইৰানৰ বাবে সতৰ্কবাণী আহিছে। এইবাৰ কানাডাত আয়োজন কৰা হৈছে G7 Summit। জি-৭ৰ শীৰ্ষ নেতাসকলে যৌথ বিবৃতি জাৰি কৰি তেহৰানক সকীয়াই দিছে। জি-৭ৰ নেতাসকলে কয় যে ইৰানক কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব। এই সন্মিলনত উপস্থিত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো।

জি-৭ সন্মিলনৰ শীৰ্ষ নেতাসকলে এক বিবৃতিত কয় যে “ইজৰাইলৰ নিজকে ৰক্ষা কৰাৰ অধিকাৰ আছে। আমি ইজৰাইলক ইয়াৰ নিৰাপত্তাৰ বাবে সমৰ্থন কৰো। নাগৰিকৰ সুৰক্ষাও গুৰুত্বপূৰ্ণ। ইৰান আঞ্চলিক অস্থিৰতা আৰু সন্ত্ৰাসবাদৰ এটা ডাঙৰ কাৰণ। আমি ধাৰাবাহিকভাৱে স্পষ্ট কৰি আহিছো যে ইৰানৰ হাতত কেতিয়াও পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে।”

উল্লেখ্য যে G7 শীৰ্ষ সন্মিলনৰ সদস্য ৰাষ্ট্ৰসমূহ হল আমেৰিকা, জাৰ্মানী, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, কানাডা, আমেৰিকা, ইটালী আৰু জাপান।

You might also like