নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ অসম-অৰুণাচল সীমান্তত গোপনে পথ নিৰ্মাণ অৰুণাচল প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, জোনাই, ২২ জুন : জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ৰুকচিনত অৰুণাচল প্ৰশাসনে সন্দেহজনকভাৱে নিশাৰ ভাগত এটা পথ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ৰুকচিন চেকগেটৰ পৰা  অৰুণাচলৰ ৰায়াং গাঁও আদিলৈ যোৱা সীমান্তত থকা এটা পথ দুই ৰাজ্যৰ প্ৰশাসনৰ মাজত কোনোধৰণৰ আলোচনা বা মীমাংসা নকৰাকৈ গোপনে নিশাৰ ভাগতে PMGSY আঁচনিৰ অধীনত অৰুণাচল গড়কাপ্টানী বিভাগে নিৰ্মাণ কৰাৰ খবৰ পাই শনিবাৰে নিশা উক্ত স্থানত জোনাই সম-জিলাৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱালৰ লগতে আৰক্ষী প্ৰশাসন আৰু মিচিং জাতীয় সংগঠন TMPK তথা ৰাইজে উপস্থিত হৈ বন্ধ কৰে পথ নিৰ্মাণকাৰ্য৷ উল্লেখ্য যে দীৰ্ঘ বছৰৰ পৰা Disputed area হিচাপে থকা উক্ত অসম-অৰুণাচল সীমান্ততৰ পথটো দুই ৰাজ্যৰ মাজত সীমা সমস্যাৰ চূড়ান্ত সিদ্ধান্ত লোৱা কিম্বা জোনাই সমজিলা প্ৰশাসনে কোনোধৰণৰ পথ নিৰ্মাণৰ অনুমতি নিদিয়াকৈ অৰুণাচল চৰকাৰৰ গড়কাপ্টানী বিভাগে অসমৰ ভূমি আগ্ৰাসনৰ মনোভাবেৰে এনেদৰে সন্দেহজনকভাবে নিশা পথ নিৰ্মাণ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মিচিং জাতীয় সংগঠন TMPKৰ লগতে জোনাইবাসী ৰাইজে৷ জোনাই সমজিলাৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱালে জানিবলৈ দিয়া মতে, যেতিয়ালৈকে অসম-অৰুণাচল চৰকাৰ অথবা দুই জিলা প্ৰশাসনৰ মাজত উক্ত বিতৰ্কিত অঞ্চলৰ সীমা সমস্যা সমাধান নহয়, তেতিয়ালৈকে বন্ধ থাকিব উক্ত পথ নিৰ্মাণৰ কাম৷
You might also like