নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মীৰা বৰঠাকুৰৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ ৰুজু ৰিণিকি ভূঞা শর্মাৰ

১৮ আগষ্টত শুনানি, আদালতত উপস্থিত থাকিব লাগিব মহিলা কংগ্রেছৰ সভানেত্রী বৰঠাকুৰ

প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷

উল্লেখ্য যে ডিব্রুগড়ত কংগ্রেছৰ এখন সভাত মীৰা বৰঠাকুৰ গোস্বামীয়ে ৰিণিকি ভূঞা শর্মাই মা কামাখ্যা দেৱালয় আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ধন সংগ্রহ কৰাৰ এক অভিযোগ উত্থাপন কৰিছিল৷ মীৰা বৰঠাকুৰ গোস্বামীৰ উক্ত মন্তব্যক লৈয়ে আদালতত ৰিণিকি ভূঞা শর্মাই অপৰাধমূলক মানহানিৰ এক গোচৰ ৰুজু কৰে৷

অহা ১৮ আগষ্টত গোচৰটোৰ শুনানিৰ দিন স্থিৰ কৰা হৈছে৷ উক্ত দিনা আদালতত উপস্থিত হ’ব লাগিব মীৰা বৰঠাকুৰ গোস্বামী৷

এই সন্দর্ভত ৰিণিকি ভূঞা শর্মাই সংবাদ মাধ্যমৰ আগত কয়– মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে অভিযোগ তুলিছিল যে মা কামাখ্যা দেৱালয় আৰু মহামৃত্যুঞ্জয় ধামৰ পৰা মই ধন সংগ্রহ কৰোঁ৷ মই ভাবোঁ, এয়া বৰ নিকৃষ্ট কথা৷ এগৰাকী মহিলা হৈ আন এগৰাকী মহিলাক এনেধৰণৰ মন্তব্য কৰাটো দুর্ভাগ্যজনক৷

ৰাজনৈতিক ক্ষেত্রত থকা হেতুকে তেওঁলোকে আমাৰ নাম লৈ বহু কথা কৈ থাকে৷ সেইবোৰৰ প্রতি মোৰ ক’বলগীয়া একো নাই৷ কিন্তু শেহতীয়াকৈ তেওঁ যি ভাষাৰে এই বক্তব্য প্রকাশ কৰিলে যে মই মা কামাখ্যা দেৱালয় আৰু মহামৃত্যুঞ্জয় ধামৰ পৰা ধন সংগ্রহ কৰোঁ, এয়া অতি নিকৃষ্ট ৰাজনৈতিক কথা৷ এই বক্তব্য অসমীয়া সমাজত কেতিয়াও গ্রহণযোগ্য নহয়৷

এগৰাকী অসমীয়া নাৰী হিচাপে এই বক্তব্যৰ বিৰুদ্ধে মই সেয়েহে আদালতৰ ওচৰ চাপিছোঁ৷ মই যদি এনেদৰে ধন সংগ্রহ কৰিছোঁ বুলি তেওঁ দাবী কৰে, তাক প্রমাণ কৰক৷ মীৰা বৰঠাকুৰ গোস্বামীৰ এই বক্তব্যৰ বাবে মই শেষ পর্যন্ত আদালতত যুঁজ দিম৷

Niyomiya Barta Desk, Date of published : 27 June, 2025

You might also like