ছার্ট-পেণ্ট পিন্ধি ছুইজাৰলেণ্ড-পেৰিছত পৰিয়ালসহ কৃষ্ণগুৰুৰ প্রমোদ বিহাৰ
‘বিদেশ ভ্রমণত যাওঁতে যেনেকুৱা দেশ তেনেকুৱা বেশ’– সেৱাশ্রমৰ সভাপতি ফুলেন কলিতা
‘গডমেন’– এটা বহুচর্চিত শব্দ৷ শেহতীয়াকৈ তেনে এজন ব্যক্তিক লৈয়ে ৰাজ্যত তীব্র বিতর্কৰ সূচনা হৈছে৷ বিশেষকৈ সামাজিক মাধ্যমত যেন উদ্ভৱ হৈছে ধুমুহাৰহে৷ এই ব্যক্তিজন আন কোনো নহয়৷ নসত্রস্থিত কৃষ্ণগুৰু সেৱাশ্রমৰ গুৰুকৃষ্ণ প্রেমানন্দ প্রভু৷
প্রধানতঃ পৰিয়ালসহ বিদেশ ভ্রমণলৈ গৈ বিতর্কৰ আৱর্তত সোমাই পৰিছে প্রভুজনা৷ সম্প্রতি পেৰিছ–ছুইজাৰলেণ্ডত্ প্রমোদ বিহাৰত ব্যস্ত গুৰুকৃষ্ণ প্রেমানন্দ প্রভুৰ হঠাৎ সাজ–পোছাকৰ পৰিৱর্তনে সামাজিক মাধ্যমত একাংশই তোলপাৰ লগাইছে৷ বিভিন্নজনে সামাজিক মাধ্যমত চোকা সমালোচনা কৰিছে কৃষ্ণগুৰু সেৱাশ্রমৰ মুৰব্বীজনাৰ বেশ–ভূষাক৷ গুৰুকৃষ্ণ প্রেমানন্দ প্রভুক সততে নসত্র সেৱাশ্রমত অথবা ৰাজ্যৰ ভিন্ন প্রান্তত অনুষ্ঠিত কৃষ্ণগুৰুৰ অনুষ্ঠানত শুধ বগা সাজপাৰত দেখিবলৈ পোৱা যায়৷
পিন্ধনত থাকে ধুতী–চুৰিয়া, ডিঙিত সেউজীয়া পাৰিৰ গামোচা৷ কিন্তু সকলোকে আচৰিত কৰি এইবাৰ পত্নী–পুত্র–কন্যাৰ সৈতে বিদেশ ভ্রমণলৈ যোৱা গুৰুকৃষ্ণ প্রেমানন্দ প্রভুক দেখিবলৈ পোৱা গ’ল কেতিয়াও নেদেখা বেশ–ভূষাত৷ পেৰিছৰ বিখ্যাত ডিজনীলেণ্ডকে ধৰি বিভিন্ন নৈসর্গিক স্থানত পত্নী আৰু সন্তানৰ সৈতে উঠা ফটোত প্রভুক দেখা পোৱা গৈছে চকুত দামী ব্রেণ্ডৰ গাগলছ–ভৰিত স্প’টছ শ্বু আৰু ছার্ট, জীন্ছ পেণ্ট পৰিহিত অৱস্থাত৷
প্রভুজনাৰ এনে ফটো ভাইৰেল হোৱাৰ লগে লগে সামাজিক মাধ্যমত একাংশই হৈ–চৈ লগাইছে৷ ইমানেই নহয়, একাংশই আকৌ এখোপ ওপৰলৈ গৈ গুৰুকৃষ্ণ প্রেমানন্দ প্রভুৱে পিন্ধা জোতা, পত্নীৰ মূৰত থকা টুপী আৰু কন্যাই পিঠিত ওলোমাই লোৱা বেগৰ দামৰ তালিকাখনো সংলগ্ণ কৰি দিছে৷
সামাজিক মাধ্যমত উল্লেখ কৰা এনে তালিকা অনুসৰি প্রভুজনাই পিন্ধি থকা জোতাযোৰৰ দাম হেনো ভাৰতীয় মুদ্রাৰ হিচাপত ১৭,৯৯৯ টকা৷ সেইদৰে পত্নীৰ মূৰত থকা টুপীটোৰ দাম প্রায় ৫০ হাজাৰ আৰু কন্যাই লৈ থকা বেগটোৰ দাম প্রায় ৪.১৫ লাখ টকা৷ এনে বিতর্কৰ মাজতে চর্চালৈ আহিছে আন এখন পুৰণি ফটো৷
এই ফটোখন হৈছে আউনীআটী সত্রৰ সত্রাধিকাৰ শ্রীশ্রী পীতাম্বৰ দেৱগোস্বামীৰ৷ কাষত আছে শ্রীশ্রী দেৱানন্দ দেৱগোস্বামী৷ ফটোত দুয়োকে লণ্ডনৰ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ সন্মুখত দেখা গৈছে৷ দুয়োৰে পিন্ধনত চিৰ পৰিচিত শুভ্র সাজপাৰ৷ একাংশই সামাজিক মাধ্যমযোগে দুয়োখন ফটোৰ তুলনা কৰিছে, বিশেষকৈ গুৰুকৃষ্ণ প্রেমানন্দ প্রভু আৰু শ্রীশ্রী পীতাম্বৰ দেৱগোস্বামীৰ সাজপাৰক লৈ৷ কোৱা হৈছে শ্রীশ্রী পীতাম্বৰ দেৱগোস্বামীয়ে বিদেশ ভ্রমণৰ সময়তো সদায়ে পিন্ধা একেই পোছাক পিন্ধি গৈছে৷
তাৰ বিপৰীতে গুৰুকৃষ্ণ প্রেমানন্দ প্রভুৱে বিদেশ ভ্রমণত ভক্তৰ চিৰ পৰিচিত শুভ্র সাজপাৰ এৰি আধুনিক সাজপাৰ পিন্ধি মডার্ন হৈ পৰিল৷ ইফালে, সমগ্র বিষয়টোক লৈ কৃষ্ণগুৰু সেৱাশ্রম আন্তঃৰাষ্ট্রীয় সমিতিয়ে স্পষ্টীকৰণ দাঙি ধৰিছে৷ আজি সংবাদ মাধ্যমৰ আগত সমিতিৰ সভাপতি ফুলেন কলিতাই কয় যে গুৰুজনাৰ বিদেশ ভ্রমণ এদিনীয়া নহয়৷ তেওঁ বিভিন্ন ঠাইলৈ গৈছে৷ যিহেতু তেওঁ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰো আচার্য সেয়েহে শিক্ষা জগতৰ ক্ষেত্রতো প্রভুৰ কৰিবলগীয়া যথেষ্ট কাম আছে৷
বিদেশ ভ্রমণত যাওঁতে যেনেকুৱা দেশ তেনেকুৱা বেশ৷ সেই হিচাপতে তেওঁলোক গৈছে৷ আৰু পৰিয়ালৰ লগত গৈছে যেতিয়া সেইটো নিজা বিষয়৷ কলিতাৰ মতে, সাজ–পোছাকক লৈ বিতর্ক কৰিবলগীয়া একো নাই৷ তেওঁ পুনৰ কয় যে বিদেশ ভ্রমণত অশালীন সাজ–পোছাক পিন্ধা নাই৷ ভাৰতবর্ষত চলি থকা সাজ–পোছাকেই পিন্ধিছে৷ যিহেতু পেৰিছ–ছুইজাৰলেণ্ডৰ্ দৰে ঠাইত গৈছে, তাত ধুতী–চেলেং পিন্ধি গ’লে অসুবিধা হ’ব৷ তদুপৰি গুৰুজনাৰ এটা বাণী আছে– অন্ন–বস্ত্র ঈশ্বৰপ্রাপ্তিৰ পথ নহয়, ভক্তিয়েহে একমাত্র পথ৷
Niyomiya Barta Desk, Date of published : 27 June, 2025