নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত পৱিত্ৰ অমৰনাথ যাত্ৰা : উধামপুৰত উগ্ৰপন্থী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ

ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে উধামপুৰ জিলাত অপাৰেচন বিহালি আৰম্ভ কৰে, যাৰ ফলত বসন্তগড়ৰ এটা দুৰ্গম বনাঞ্চলত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়।

কেন্দ্ৰীয় শাসিত অঞ্চললৈ বৃহৎসংখ্যক জনসমাগম আকৰ্ষণ কৰাৰ সম্ভাৱনা থকা অমৰনাথ যাত্ৰাৰ মাত্ৰ এসপ্তাহ পূৰ্বে সংঘটিত হয় এই সংঘৰ্ষ।

জম্মুস্থিত হোৱাইট নাইট কৰ্পছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে কয়, ‘অপাৰেচন বিহালি। নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত IndianArmy আৰু JmuKmrPoliceৰ দ্বাৰা বসন্তগড়ৰ বিহালি অঞ্চলত এক যৌথ অভিযান আৰম্ভ কৰা হয়।

হোৱাইট নাইট কৰ্পছৰ এগৰাকী মুখপাত্ৰই পিটিআইক জনোৱা মতে, সন্ত্ৰাসবাদীৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছে। বৰ্তমান এই অভিযান চলি আছে।

অহা ৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অমৰনাথ যাত্ৰা আৰু ৯ আগষ্টত সমাপ্ত হ’বলগীয়া যাত্ৰাকালত অনাগত দিনত বৃহৎসংখ্যক তীৰ্থযাত্ৰী অমৰনাথ গুহা মন্দিৰলৈ যোৱাৰ সম্ভাৱনা আছে।

পেহেলগামত ২৬জন সাধাৰণ নাগৰিক নিহত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ দুমাহৰ পাছত সেনাই আৰম্ভ কৰিছে অপাৰেচন বিহালি। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি অপাৰেচন সিন্দূৰ আৰম্ভ কৰিছিল আই এ এফে।

Niyomiya Barta Desk, Date of published : 27 June, 2025

You might also like