নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ ভটীয়াপাৰৰ গেছ নিৰ্গত কাণ্ডৰ শ্বাসৰুদ্ধ ঘটনাৰ অৱসান

অ এন জি চিৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অৰ্ন্তগত ভটীয়াপাৰ বাৰীচুকৰ তৈলখাদ ১৪৭(এ) ৰ এছ কে পেট্ৰৰ ১৩৫ ভি আইৰ ৱৰ্ক অভাৰ ৰীগত যোৱা ১২ জুন তাৰিখে সংঘটিত গেছ নিৰ্গত শ্বাসৰূদ্ধ কাহিনীৰ আজি অৱসান ঘটে।

অ এন জি ছিৰ ক্ৰাইচিচ মেনেজমেন্ট দলৰ কাৰিকৰী বিশেষজ্ঞ আৰু মাৰ্কিন ৰাষ্ট্ৰৰ পৰা অহা পাচঁ জনীয়া কাৰিকৰী বিশেষজ্ঞ দলৰ যৌথ প্ৰচেষ্টাত ১৬দিনৰ অৰ্ন্তত আজি ৰীগটোত কেপিং পদ্ধতিৰে গেছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

তৈল খাদটোৰ গেছ নিয়ন্ত্ৰণৰ ৱেল কেপিং পদ্ধতিত ব্যৱহাৰ কৰা বি অ পি ব্লআউট প্ৰিভেন্টৰ)টো ২৪ ঘন্টা নিৰীক্ষণত ৰখা হব অ এন জি ছি কৃৰ্তৃপক্ষ তৰফৰপৰা জানিব পৰা গৈছে।গেছ নিয়ন্ত্ৰণৰ পাছত ৰাইজৰ মাজত স্বত্বি নিশ্বাস পৰে।

Niyomiya Barta Desk, Date of published : 27 June, 2025

You might also like