নতুন চুক্তিত ৰ’নাল্ডোৰ আয় প্রতিদিনে ৫.৫ কোটি
🔹 প্রতিটো গ’লৰ বিনিময়ত CR 7-এ লাভ কৰিব ৯৪ লাখ টকা
নিউজ ডেস্ক, ২৮ জুন : বৃহস্পতিবাৰে আল নাছেৰৰ সৈতে দুবছৰৰ বাবে নতুন চুক্তি স্বাক্ষৰ কৰে ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ ২০২৭ চনলৈকে ছৌদি আৰবৰ লীগত দেখা যাব চিআৰ ৭ক৷ নতুনকৈ চুক্তিবদ্ধ হোৱাৰ ফলত তাৰকা ফুটবলাৰগৰাকীয়ে প্রতি বছৰে ১৭.৮ কোটি পাউণ্ড দৰমহা লাভ কৰিব৷ অর্থাৎ ভাৰতীয় মুদ্রাত ২০০০ কোটি টকা৷ ৰ’নাল্ডোৱে প্রতিমাহে ১৬৭ কোটি টকা, সপ্তাহত ৩৮.৫ কোটি টকা আৰু প্রতিদিনে ৫.৫ কোটি টকা লাভ কৰিব৷
মন কৰিবলগীয়া যে পর্তুগালৰ তাৰকা খেলুৱৈ ৰ’নাল্ডোৱে প্রতি ঘণ্টাত ২.৩ লাখ টকা, প্রতি মিনিটত ৩৮ হাজাৰ টকা আৰু প্রতি ছেকেণ্ডত ৬৩৬ টকা উপার্জন কৰিব৷ ইপিনে, বোনাছ হিচাপে তেওঁ লাভ কৰিব ২৮৮ কোটি টকা৷ যিটো দ্বিতীয় বছৰত ৪৪৭ কোটি টকালৈ বৃদ্ধি পাব৷ যদি আল নাছেৰে ছৌদি লীগ জয় কৰে তেন্তে ৰ’নাল্ডোৱে ৯৪ কোটি টকা অতিৰিক্ত বোনাছ হিচাপে লাভ কৰিব৷ এছিয়ান চেম্পিয়নছ লীগ জয় কৰিলে ৰ’নাল্ডোৱে লাভ কৰিব ৭৬ কোটি টকা৷ যদি তেওঁ গোল্ডেন বুট লাভ কৰে তেন্তে তেওঁ লাভ কৰিব ৪৭ কোটি টকা৷
আনহাতে, গ’ল দিয়াৰ বাবেও অতিৰিক্ত ধন লাভ কৰিব তাৰকা খেলুৱৈগৰাকীয়ে৷ প্রতিটো গ’লৰ বিনিময়ত ৰ’নাল্ডোৱে লাভ কৰিব ৯৪ লাখ টকা৷ তেওঁ এছিষ্টৰ বাবে (আন কাৰোবাক গ’ল দিবলৈ সহায় কৰা) লাভ কৰিব ৪৭ লাখ টকা৷