নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইছিছ ভাৰতৰ মুৰব্বী ছাকিব নাছানৰ হাস্পতালত মৃত্যু

🔹 মুম্বাই বোমা বিস্ফোৰণকে ধৰি বিভিন্ন সন্ত্রাসবাদী কার্যকলাপত জড়িত নাছান

নিউজ ডেস্ক, ২৯ জুন : নিষিদ্ধ সংগঠন আইছিছ ভাৰতৰ মুৰব্বী তথা নিষিদ্ধ ছিমিৰ নেতা ছাকিব নাছানৰ দিল্লীৰ চফদৰজং হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে৷ মগজুত ৰক্তক্ষৰণ হৈ হাস্পতালত মৃত্যু হোৱা ছিমিৰ নেতা ছাকিব নাছানৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত স্বাস্থ্যৰ অৱনতি ঘটাত দিল্লীৰ চফদৰজং হাস্পতালত ভর্তি কৰে৷

যোৱা ২৪ জুনৰ পৰা হাস্পতালত চিকিৎসাধীন হৈ থকা নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ নেতা ছাকিব নাছানৰ কালি মৃত্যু হয়৷ মহাৰাষ্ট্রৰ থানে জিলাৰ পাড়ঘাৰ বাসিন্দা নাছানক আইছিছৰ মুৰব্বী হৈ থকা অৱস্থাতে ২০২৩ চনত ‘নিয়া’ই গ্রেপ্তাৰ কৰিছিল৷ মুম্বাই বোমা বিস্ফোৰণকে ধৰি বিভিন্ন সন্ত্রাসবাদী কার্যকলাপত জড়িত আছিল নাছান৷

You might also like