🔹 ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষাত দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ ভিতৰত ১৩৯সংখ্যক স্থান লাভ
নিয়মীয়া বার্তা, ২৯ জুন : ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এটা ভাল খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিছে উত্তৰ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়। ২০২৫ বৰ্ষৰ দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়সমূহৰ ভিতৰত স্থান লাভ কৰি ঢকুৱাখনা মহাবিদ্যালয়ে লখিমপুৰ জিলাৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে।
ইণ্ডিয়া টুডে নামৰ ৰাষ্ট্ৰীয় সংস্থাটোৱে সমগ্ৰ ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত চলোৱা এক সমীক্ষা অনুসৰি ২০২৪ বৰ্ষৰ পৰা ধাৰাবাহিকতা ৰক্ষা কৰি চলিত বৰ্ষতো ঢকুৱাখনা মহাবিদ্যালয়ে গৌৰৱময় সফলতা অৰ্জন কৰিছে। এই বৰ্ষৰ সমীক্ষা অনুসৰি মহাবিদ্যালয়খনে সমগ্ৰ ভাৰতৰ ভিতৰতে কলা শাখাত ১৩৯ সংখ্যক স্থান আৰু অসমৰ ভিতৰত চতুর্থ স্থান অধিকাৰ কৰিছে। আনহাতে, বিজ্ঞান শাখাত ৰাষ্ট্ৰীয় পর্যায়ত ১৭৯ সংখ্যক স্থান আৰু ৰাজ্যিক স্তৰত চতুর্থ স্থান দখল কৰা মহাবিদ্যালয়খনে ইতিমধ্যে ২০২৩ বৰ্ষৰ ‘নাক’ৰ পৰিদৰ্শনত সন্মানীয় ‘এ’ গ্রে’ড লাভ কৰিছিল।
ইতিমধ্যে স্বায়ত্ত শাসনৰ মৰ্যাদাৰে সন্মানিত মহাবিদ্যালয়খনে এই বৰ্ষৰ পৰা NCTEৰ অধীনত সংহত শিক্ষক শিক্ষণ পাঠ্যক্রম (ITEP) আৰু অসমীয়া, ৰাজনীতি বিজ্ঞান তথা গণিত বিষয়ত নিয়মীয়া স্নাতকোত্তৰ ডিগ্রীও আৰম্ভ কৰিছে। বিদ্যায়তনিক, বৌদ্ধিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে অগ্রণী দায়বদ্ধ ভূমিকা গ্রহণ কৰা ঢকুৱাখনা মহাবিদ্যালয়ে ছাত্র-ছাত্রীসকলক গুণগত শিক্ষা প্ৰদানৰ সমান্তৰালভাৱে কৌশলমুখী জ্ঞান প্রদানৰো নিৰলস প্রয়াস অব্যাহত ৰাখিছে। উচ্চ শিক্ষানুষ্ঠানৰ শৈক্ষিক পাৰদৰ্শিতা, শিক্ষাৰ্থীৰ উন্নত ফলাফল আৰু সংস্থাপন, আন্তঃগাঁথনিগত উন্নয়ন, গৱেষণাত্মক দক্ষতা ইত্যাদি কেইবাটাও দিশৰ আধাৰত সম্পন্ন ইণ্ডিয়া টুডেৰ সমীক্ষাত যোৱাটো বৰ্ষতো মহাবিদ্যালয়খনে চমকপ্রদ সাফল্য অর্জন কৰিছিল। ২০২৫ চনত হীৰক জয়ন্তী বৰ্ষত ভৰি দিয়া এই মহাবিদ্যালয়খনে শিক্ষক, ছাত্র, কর্মচাৰী আৰু শুভাকাংক্ষীৰ সহযোগত অনাগত দিনতো এনে উৎকৃষ্ট মান বৰ্তাই ৰখাৰ বাবে প্ৰতিশ্রুতিবদ্ধ বুলি অধ্যক্ষ ড° যোগানন্দ সূতে জানিবলৈ দিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা