নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত প্রাচীন সৰস্বতী নৈৰ সৈতে জড়িত সভ্যতাৰ সাক্ষ্য উদ্ধাৰ

🔹  ভাৰতীয় প্রত্নতাত্ত্বিকৰ খননত ওলাল ৪৫০০ বছৰ পুৰণি সভ্যতাৰ ভগ্নাৱশেষ

নিউজ ডেস্ক, ২৯ জুন : ভাৰতীয় প্রত্নতাত্ত্বিক জৰীপ (এএছআই)-এ ৰাজস্থানৰ ডিগ জিলাত খনন চলাই ৪৫০০ বছৰ পুৰণি সভ্যতাৰ আন্তঃগাঁথনি, সা–সঁজুলি আৰু ধাতুৰ অস্ত্র লাভ কৰিছে৷ এএছআয়ে লাভ কৰা প্রাচীন সভ্যতাৰ সাক্ষ্যই প্রাচীন সৰস্বতী নৈৰ সৈতে সম্পর্ক থকাটোকো প্রমাণিত কৰিছে বুলি চর্চিত হৈছে৷

ৰাজ্যখনৰ ডিগ জিলাত চলিত বর্ষৰ জানুৱাৰীৰ পৰা এএছআয়ে চলোৱা খননত ভগ্ণাৱশেষত উদ্ধাৰ হোৱা আন্তঃগাঁথনি, সা–সঁজুলি, বাচন–বর্তন, ধাতুৰ অস্ত্র আদি মহাভাৰতৰ যুগৰ আৰু মৌর্য–কুশান–গুপ্তা যুগৰ বুলি ধাৰণা কৰা হৈছে৷ খননত উদ্ধাৰ হোৱা মানৱৰ কংকাল ইজৰাইললৈ প্রেৰণ কৰা হৈছে৷ এই মানৱৰ কংকাল কোন যুগৰ সেয়া ইজৰাইলত গৱেষণাত পোহৰলৈ আহিব৷

লক্ষণীয় যে এএছআয়ে ডিগ জিলাৰ বাহাজ গাঁৱত এই খনন চলায়৷ ভাৰতপুৰৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ এই গাঁওখনত প্রাচীন সভ্যতাৰ সাক্ষ্য ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছিল৷ এই সভ্যতাৰ অধিক তথ্য আহৰণ কৰিবলৈ এএছআয়ে খনন আৰম্ভ কৰে৷ চৰকাৰৰ পৰা অনুমতি লাভ কৰাৰ পিছত এএছআয়ে জানুৱাৰীত খনন আৰম্ভ কৰে৷ ছমাহ ধৰি চলাই থকা খননৰ সময়ত এএছআইৰ দলে বিভিন্ন মূর্তি, সা–সঁজুলি, বাচন–বর্তন আৰু ধাতুৰ অস্ত্র উদ্ধাৰ কৰে ৷ খননৰ সময়ত আনকি মানৱ কংকালো উদ্ধাৰ হৈছে৷ মূর্তিসমূহ জয়পুৰৰ প্রত্নতাত্ত্বিক বিভাগত ৰখা হৈছে৷ কিছুসংখ্যক ডিগ জলমহল আৰু আন ঠাইলৈ প্রেৰণ কৰা হৈছে৷ খননৰ সময়ত দলটোৱে ২৩ মিটাৰ গভীৰ এটা চেনেল দেখিবলৈ পায়৷ এই চেনেলটো প্রাচীন সৰস্বতী নদীৰ সৈতে সম্পর্কিত বুলি প্রত্নতত্ত্ববিদে দাবী কৰিছে৷

ঋকবেদত প্রাচীন সৰস্বতী নৈৰ সৈতে সম্পর্কিত সভ্যতাৰ সাক্ষ্য এএছআয়ে লাভ কৰাৰ পিছত ই বহু নতুন নতুন তথ্যৰ সম্ভেদ দিব পাৰে বুলিও এএছআইৰ শীর্ষ বিষয়াই প্রকাশ কৰিছে৷ উদ্ধাৰ হোৱা মূর্তিৰ ভিতৰত শিৱ-পার্বতীৰ মূর্তি, ব্রাহ্মী পাণ্ডুলিপি, তামৰ মুদ্রা, যজ্ঞকুণ্ড, মৌর্য যুগৰ ভাস্কর্য, হাড়েৰে বনোৱা সঁজুলিও আছে৷

You might also like