অৱশেষত জল্পনা–কল্পনাৰ অন্ত : দ্বিতীয় টেষ্টত বুমৰাহে…
নিউজ ডেস্ক, ১ জুলাই : জল্পনা–কল্পনাৰ অন্ত৷ বার্মিংহামত হ’বলগীয়া শৃংখলাৰ দ্বিতীয়খন টেষ্টত খেলিব টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে৷ ২ জুলাইৰ পৰা ইংলেণ্ডৰ বিপক্ষে আৰম্ভ হ’বলগীয়া টেষ্টখনত বুমৰাহৰ অংশগ্রহণক লৈ সন্দেহ ঘনীভূত হৈছিল যদিও কালি টীম ইণ্ডিয়াৰ এগৰাকী সহকাৰী প্রশিক্ষকে কয় যে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত উপলব্ধ হ’ব বুমৰাহ৷ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ সহায়ক ৰিয়ান টেন দ’ৱেচছাটে কয় যে বার্মিংহাম টেষ্টত বুমৰাহ উপলব্ধ হ’ব৷ আমি সকলোৱে জানিছিলোঁ যে তেওঁ পাঁচখন টেষ্টৰ তিনিখনত খেলিব৷ অৱশ্যে কোনো সমস্যা নহ’ব, কিয়নো প্রথম টেষ্টৰ পিছত ৮ দিনৰ জিৰণি লাভ কৰিব বুমৰাহে৷ গতিকে, বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টখনত বুমৰাহে খেলিব পাৰিব৷ অৱশ্যে আমি এইটো চাব লাগিব যে বুমৰাহে যাতে অতিৰিক্ত চাপ লাভ নকৰে৷
ইফালে, দ্বিতীয়খন টেষ্টৰ মূল একাদশত নীতিশ কুমাৰ ৰেড্ডীয়ে স্থান লাভ কৰিব বুলি ইংগিত দি সহকাৰী প্রশিক্ষকগৰাকীয়ে লগতে কয় যে সাই সুদর্শন সম্প্রতি আঘাতত ভুগি আছে৷ প্রথমখন টেষ্টৰ সময়ছোৱাত সুদর্শন আঘাতপ্রাপ্ত হৈছিল৷ বর্তমান বেটাৰগৰাকীয়ে আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য হৈ উঠা নাই৷ গতিকে, সুদর্শনৰ স্থানত নীতিশ কুমাৰ ৰেড্ডীক বার্মিংহাম টেষ্টৰ মূল একাদশত অন্তর্ভুক্ত কৰাৰ পূর্ণ সম্ভাৱনা আছে৷