ডিগবৈ লাচিত নগৰৰ নিবাসী , অবিবাহিত যুৱক বাপ্পা দাস(৪০) গুৱাহাটীৰ মা কামাখ্যা মন্দিৰত অনুষ্ঠিত অম্বুবাচী মেলাত অংশগ্ৰহণ কৰিবলৈ গৈ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। যুৱক গৰাকীৰ শুং সুত্ৰ বিচাৰি পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে।
পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি ২৪জুনৰ বিয়লি ভাগত ইন্টাৰচিটি ৰেলৰে ডিগবৈৰ পৰা এঘাৰ জন বন্ধুৰ সৈতে গুৱাহাটীলৈ যাত্ৰা কৰে। পিছদিনা অৰ্থাৎ ২৫ জুনৰ দিনা গুৱাহাটীৰ এখন হোটেলত সকলোৱে আশ্ৰয় গ্ৰহণ কৰি সন্ধিয়া ভাগত মা কামাখ্যা মন্দিৰত উপস্থিত হয়।
দেশ বিদেশৰ অগণন ভক্তই অংশগ্ৰহণ কৰা অম্বুবাচী মেলাত ঠেলা হেঁচাত বাপ্পা দাস সন্ধানহীন হৈ পৰে। সহযাত্ৰী বন্ধু সকলে বাপ্পা দাসক বিচাৰি নাপাই অৱশেষত কামাখ্যা আৰক্ষীক অৱগত কৰি এখন এজাহাৰ দাখিল কৰাৰ উপৰিও কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ জড়িয়তে মাইক যোগে কেইবাবাৰো ঘোষণা কৰি সন্ধান লাভ নকৰিলে।
ইপিনে, বাপ্পা দাসৰ মাতৃয়ে জানিব দিয়া মতে তেওঁ মাতৃৰ সৈতে ফোনত সঘন যোগাযোগ আছিল যদিও ২৬ জুনৰ পুৱাৰে পৰা বাপ্পাৰ ম’বাইল চুইছ অফ হৈ পৰাত চিন্তিত হৈ পৰে। অৱশেষত বাপ্পা দাসৰ পৰিয়ালে ডিগবৈ থানাত নিৰুদিষ্ট বাপ্পা দাসৰ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে। বাপ্পা দাসৰ সন্দৰ্ভত কোনো ব্যক্তিয়ে সম্ভেদ লাভ কৰিলে পৰিয়ালৰ লোকৰ সৈতে ৮০১১৩৩০৯৭৬ নম্বৰত যোগাযোগ কৰিবলৈ আহবান জনাইছে।
নিয়মীয়া বাৰ্তা, ডিগবৈঃ Date of Published, 2 July, 2025