নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কল্পদৃষ্টিৰ পৰা বাস্তৱলৈঃ ডিজিটেল ভাৰত আৰু অন্ত্যোদয় যাত্ৰা

অশ্বিনী বৈষ্ণৱ

মই দুমাহমান পূৰ্বে দিল্লীত ইউৰোপৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীক লগ পাইছিলোঁ। তেতিয়া তেওঁ ভাৰতৰ ডিজিটেল পেমেন্ট বিপ্লৱক লৈ আশ্চৰ্য্য প্ৰকাশ কৰিছিল। সমগ্ৰ ভাৰতৰ জনসাধাৰণে ম’বাইল ফোনৰ ব্যৱহাৰেৰে পেমেন্ট কৰা কাৰ্য্যই তেওঁক অধিক আকৰ্ষিত কৰিছিল। সৰু-সৰু গাঁৱৰ পৰা ডাঙৰ-ডাঙৰ চহৰলৈকে সকলোতে—চাহ বিক্ৰেতাৰ পৰা আৰম্ভ কৰি দোকানীলৈকে সকলোৱে— সহজেই ডিজিটেল পেমেন্ট পদ্ধতি ব্যৱহাৰ কৰিছে।

তেতিয়া তেওঁ প্ৰশ্ন কৰিছিলঃ ভাষা আৰু ভূগোলৰ বৈচিত্ৰ্যসম্পন্ন ভাৰতে কেনেকৈ এই মাত্ৰাত উপনীত হ’ল?

তেনেতে মই তেওঁক এখন ৫০০ টকীয়া নোট দেখুৱাইছিলোঁ। তাত ‘পাঁচশ টকা’ শব্দটো ১৭ টা ভাষাত লিখা আছে। এয়া এটা সহজ কথা, অথচ ভাৰতৰ বৈচিত্ৰ্যৰ এক শক্তিশালী প্ৰতীক; আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই বৈচিত্ৰ্যক প্ৰযুক্তিৰ জৰিয়তে সেতুবন্ধনেৰে আমাৰ সৰ্ববৃহৎ শক্তিলৈ ৰূপান্তৰিত কৰিছোঁ।

এই অন্তৰ্ভুক্তিৰ মনোভাৱে আমাৰ প্ৰধানমন্ত্ৰীৰ মূল দৰ্শনক প্ৰতিফলিত কৰাৰ লগতে প্ৰযুক্তিৰ প্ৰতি আমাৰ দৃষ্টিভংগীক সংজ্ঞায়িত কৰে। যিয়ে প্ৰযুক্তিক গণতান্ত্ৰিক আৰু সকলোৰে উপযোগী কৰি তুলিছে।

দোকানৰ স্পীকাৰত বাজি উঠা পেমেন্ট এলাৰ্টৰ পৰা আৰম্ভ কৰি তৎক্ষণাত এছএমএছ নিশ্চিতকৰণলৈকে সমগ্ৰ ব্যৱস্থাটোক বাধা-মুক্ত আৰু পোনপটীয়াভাৱে ডিজাইন কৰা হৈছে। ভিমে (BHIM) ২০ টা ভাষাত, উমংগে (UMANG) ১৩ টা ভাষাত কাম কৰে— এই সকলোবোৰে অন্তৰ্ভুক্তিৰ একেই মনোভাৱকে প্ৰতিফলিত কৰে।

ডিজিটেল ইণ্ডিয়া কাৰ্য্যক্ৰমৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে এই ৰূপান্তৰ এক গৌৰৱপূৰ্ণ উদাহৰণ হিচাপে পৰিগণিত হৈছে। আমি বহু দূৰ আগবাঢ়িলোঁ আৰু আমাৰ সুযোগ অপৰিসীম। অন্ত্যোদয়ৰ সপোন— মৰ্য্যাদা আৰু সুযোগেৰে অন্তিম ব্যক্তিজনক স্পৰ্শৰ— দৰ্শনে আমাক পথ-প্ৰদৰ্শন কৰি আহিছে।

ইণ্ডিয়া ষ্টেক
দহ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ এক স্পষ্ট ধাৰণাৰে এই যাত্ৰা আৰম্ভ হৈছিল — ধাৰণাটো আছিল এনে এক ডিজিটেল আন্তঃগাঁথনি গঢ়ি তোলা, যিয়ে কেইজনমানক নহয়, সকলোকে সেৱা আগবঢ়ায়। ইয়াৰ ফলশ্ৰুতিত আজি বিশ্বই ইণ্ডিয়া ষ্টেক বুলি স্বীকৃতি জনোৱা ব্যৱস্থাটোৰ সৃষ্টি হয়।

ইয়াৰ মূলতে আছে বিশ্বৰ সৰ্ববৃহৎ বায়’মেট্ৰিক পৰিচয় ব্যৱস্থা-আধাৰ। ই ১৪০ কোটি নাগৰিকক এক অনন্য (unique) ডিজিটেল পৰিচয় প্ৰদান কৰিছে। প্ৰতিদিনে ন কোটিৰো অধিক আধাৰ প্ৰমাণীকৰণ সম্পন্ন হয়, ইয়াৰ ফলশ্ৰুতিত অত্যাৱশ্যকীয় সেৱাসমূহ ক্ষীপ্ৰতাৰে আৰু বিশ্বাসেৰে লাভ কৰাটো সম্ভৱ হৈ উঠিছে।

এটা ঘৰুৱা উদ্ভাৱন ইউপিআই-এ সমগ্ৰ ভাৰততে বিত্তীয় লেনদেন ব্যৱস্থাৰ ৰূপান্তৰ ঘটাইছে। পথৰ কাষৰ ক্ষুদ্ৰ বিক্ৰেতাৰ পৰা আৰম্ভ কৰি বৃহৎ ব্যৱসায়ীলৈকে সকলোৱে ইয়াক সহজেই ব্যৱহাৰ কৰি আছে। এতিয়া দৈনিক গড়ে ৬০ কোটিৰো অধিক ইউপিআই লেন-দেন সম্পন্ন হয়। ইয়াৰ জৰিয়তে আমাৰ দৈনন্দিন জীৱনৰে ডিজিটেল পে’মেন্টৰ সম্পৰ্কৰ গভীৰতা প্ৰতিফলিত হৈছে।

ডিজিলকাৰে (DigiLocker) শাসন ব্যৱস্থা আৰু নাগৰিকৰ ইয়াত প্ৰৱেশ কাৰ্য্যক অধিক সৰল কৰি তুলিছে। ইয়াৰ জৰিয়তে মাত্ৰ এটা ক্লিকতে আপোনাৰ নথি-পত্ৰসমূহ উপলব্ধ হৈছে। ড্ৰাইভিং লাইচেন্সেই হওঁক, শৈক্ষিক প্ৰমাণপত্ৰই হওঁক বা আন-আন অত্যাৱশ্যকীয় ৰেকৰ্ডেই হওঁক— লাখ-লাখ লোকে এতিয়া এইসমূহ নিৰাপদে আৰু সুবিধাজনকভাৱে লগত লৈ ফুৰিবলৈ সক্ষম হৈছে।

ম’বাইল ফোনৰ ব্যাপক ব্যৱহাৰ অবিহনে এয়া সম্ভৱ হৈ নুঠিলহেঁতেন। আজি ভাৰতৰ প্ৰায় ৯০% লোকে ম’বাইল ডিভাইচ ব্যৱহাৰ কৰে। ই পোনপটীয়াকৈ হাতৰ মুঠিতে প্ৰযুক্তিৰ শক্তি উপলব্ধ কৰি তোলে।

ইণ্ডিয়া ষ্টেক এক বিশ্ব আৰ্হি হিচাপেও পৰিগণিত হৈছে। জি-২০ত ভাৰতে ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ (DPI) এজেণ্ডাৰ পোষকতাৰে গ্ল’বেল ডিপিআই ভাণ্ডাৰৰ প্ৰস্তাৱ আগবঢ়ায়। ইতিমধ্যে ৭ খন দেশত ইউপিআই কাৰ্য্যক্ষম হৈ আছে তথা একাধিক ৰাষ্ট্ৰই ইয়াৰ অভিযোজনা কৰিব খুজিছে। প্ৰতিগৰাকী ভাৰতীয়ক সবলীকৰণৰ অভিযান হিচাপে আৰম্ভ কৰা এই কামে এতিয়া বিশ্বখনক অনুপ্ৰাণিত কৰিছে।

সৰ্বাংগীন বিকাশ
৫৫ কোটিৰো অধিক জন ধন একাউন্ট খোলা হৈছে আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে ৪৪ লাখ কোটি টকা প্ৰদান কৰা হৈছে। ১০ কোটিৰো অধিক এলপিজি সংযোগ আৰু পোনপটীয়াভাৱে স্বাস্থ্য সুবিধা প্ৰদান কৰা হৈছে। ডিজিটেল ইণ্ডিয়াৰ জন ধন-আধাৰ-ম’বাইল (JAM) ত্ৰিনিটিৰ বাবে সকলোখিনি সম্ভৱ হৈছে।

আজি বাৰাণসীৰ অট’ চালক বা মুম্বাইৰ হকাৰ এজনেও ডিজিটেল পেমেন্ট গ্ৰহণ কৰিব পাৰে। কল্যাণমূলক আঁচনিসমূহৰ লিকেজ হ্ৰাস পাইছে। শাসন ​​ব্যৱস্থা স্বচ্ছ আৰু বাস্তৱ-সময়ৰ হৈ পৰিছে।

শাসন ব্যৱস্থাত মানৱীয় স্পৰ্শ
মাইগভ (MyGov) আৰু উমংগ-ৰ দৰে ডিজিটেল প্লেটফৰ্মে নাগৰিকক পোনপটীয়াভাৱে ২,০০০-ৰো অধিক চৰকাৰী সেৱাৰ সৈতে সংযুক্ত কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় টেলিমেডিচিন প্লেটফৰ্ম ই-সঞ্জীৱনীয়ে ৩৮ কোটি চিকিৎসকৰ পৰামৰ্শৰ সুবিধা প্ৰদান কৰিছে।

আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ (ABDM) লক্ষ্য হৈছে প্ৰতিগৰাকী নাগৰিকৰ বাবে এক অনন্য ডিজিটেল হেল্থ আইডি সৃষ্টি কৰা। ৭৯ কোটিৰো অধিক হেল্থ আইডি, ৬ লাখ স্বাস্থ্যসেৱা পেছাদাৰী আৰু ৬০ কোটি হেল্থ ৰেকৰ্ডক এতিয়া সংহত কৰা হৈছে।

বিহাৰৰ এখন প্ৰত্যন্ত গাঁৱৰ মহিলা শ্ৰীমতী কান্তি দেৱীয়ে ঘৰৰ পৰা ওলাই নোযোৱাকৈয়ে শ-শ কিলোমিটাৰ দূৰৈত থকা লক্ষ্ণৌৰ এজন বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হৈছে। এয়াই হৈছে ডিজিটেল ইণ্ডিয়াৰ শক্তি— যিয়ে স্বাস্থ্যসেৱাৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহক সাধাৰণ নাগৰিকৰ দুৱাৰদলিতে উপলব্ধ কৰি তুলিছে।

যুৱ প্ৰজন্ম আৰু কৃষক
দীক্ষা (DIKSHA), স্বয়ম (SWAYAM) আৰু পিএম ইবিদ্যা (PM eVidya)-ৰ দৰে ডিজিটেল শিক্ষা মঞ্চই এতিয়া লাখ-লাখ ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ স্থানীয় ভাষাত স্পৰ্শ কৰিছে। স্কিল ইণ্ডিয়া ডিজিটেল হাব (SIDH) আৰু ফিউচাৰস্কিলছ প্ৰাইমে আমাৰ যুৱক-যুৱতীসকলক এআই, চাইবাৰ সুৰক্ষা আৰু ব্লকচেইনৰ দক্ষতাৰে সমৃদ্ধ কৰিছে।

কৃষকসকলে ডিজিটেলভাৱে বতৰৰ আগলি-বতৰা, মাটিৰ হেল্থ কাৰ্ড আৰু বজাৰ মূল্য সম্পৰ্কে তথ্য লাভ কৰিছে। ১১ কোটিৰো অধিক কৃষকে এতিয়া পিএম-কিষাণৰ জৰিয়তে প্ৰত্যক্ষ আয় সমৰ্থন লাভ কৰিছে।

এই উদাহৰণসমূহে মাত্ৰা আৰু অন্তৰ্ভুক্তিত গুৰুত্ব আৰোপেৰে উদ্ভাৱন কৰা প্ৰযুক্তিয়ে জনসাধাৰণৰ জীৱনত স্থায়ী পৰিৱৰ্তন সাধন কাৰ্য্যকে প্ৰদৰ্শিত কৰিছে আৰু এয়াই হৈছে অন্ত্যোদয়ৰ দৃষ্টিভংগী।

বিশ্বাসৰ ভেটি
ভাৰতৰ ক্ৰম-বৰ্ধমান ডিজিটাইজেচনৰ লগে-লগে ইয়াৰ চাইবাৰ সুৰক্ষা কাঠামোক সুদৃঢ় কৰি তোলা হৈছে। CERT-In ৰ দৰে প্ৰতিষ্ঠান, চাইবাৰ অপৰাধ হেল্পলাইন-১৯৩০ আৰু ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন, ২০২৩-ৰ দৰে ব্যৱস্থাই ব্যৱহাৰকাৰীৰ গোপনীয়তা আৰু তথ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। এই ব্যৱস্থাই ডিজিটেল সেৱা ব্যৱহাৰৰ ক্ষেত্ৰত নাগৰিকৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰিছে।

অপাৰেচন সিন্দূৰৰ সময়তো ইয়াৰ এক শক্তিশালী উদাহৰণ প্ৰত্যক্ষ হয়। আমাৰ সংস্থাসমূহে আমাৰ আন্তঃগাঁথনিৰ ওপৰত সংঘটিত একাধিক সমন্বিত চাইবাৰ আক্ৰমণক সফলতাৰে প্ৰতিহত কৰিছিল।

উদ্ভাৱন আৰু ষ্টাৰ্টআপ
১.৮ লাখৰো অধিক ষ্টাৰ্টআপ আৰু ১০০+ ইউনিকৰ্ণেৰে ভাৰত আজি বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ষ্টাৰ্টআপ ব্যৱস্থাৰ দেশ হৈ পৰিছে। এই ষ্টাৰ্টআপসমূহৰ একাধিকৰে আধাৰ হৈছে ডিজিটেল ইণ্ডিয়াৰ ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি।

ভাৰতে এতিয়া ডিজিটেল পাব্লিক গুডছ ৰপ্তানি কৰি আছে। সমগ্ৰ আফ্ৰিকা, লেটিন আমেৰিকা আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহে ইণ্ডিয়া ষ্টেক মডেলৰ অভিযোজনা কৰিছে।

আমাৰ এআই মিছনে ষ্টাৰ্টআপ, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হাই-এণ্ড কম্পিউটঙকো সুলভ কৰি তুলিছে। ৩৪,০০০ ৰো অধিক জিপিইউ এতিয়া উপলব্ধ আৰু ৬০০০ পাইপলাইনত আছে।

টেলিকমৰ পৰা ছেমিকণ্ডাক্টৰলৈ
প্ৰধানমন্ত্ৰী মোদীৰ “মেক ইন ইণ্ডিয়া, মেক ফৰ ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড”-ত গুৰুত্ব আৰোপৰ ফলশ্ৰুতিত ইলেক্ট্ৰনিকছ আৰু ম’বাইল উৎপাদনৰ ব্যাপক উত্থান ঘটিছে। আমাৰ ইলেক্ট্ৰনিকছ উৎপাদনে ১২ লাখ কোটি টকা অতিক্ৰম কৰিছে। আজি ভাৰত ম’বাইল ফোনৰ নেট ৰপ্তানিকাৰী দেশো।

টেলিকম আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণে এই বৃদ্ধিক একেদৰে সমৰ্থন কৰিছে। ভালেমান বছৰৰ পাছত বিএছএনএল-এ পুনৰ লাভ অৰ্জন কৰিছে, এই কাৰ্য্যই ৰাজহুৱা টেলিকম খণ্ডটোৰ এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তনক সূচিত কৰিছে। ভাৰতে নিজাকৈ থলুৱা টেলিকম ষ্টেকো গঢ়ি তুলিছে।

আজি ৪জিয়ে প্ৰায় সমগ্ৰ দেশখনকে সামৰি লৈছে আৰু ভাৰতে বিশ্বৰ দ্ৰুততম ৫জি ৰোলআউটৰ অভিলেখ গঢ়িছে। এই শক্তিশালী ডিজিটেল ব্যৱস্থাই ডিজিটেল ইণ্ডিয়াৰ পৰৱৰ্তী পৰ্য্যায়ক শক্তি প্ৰদানত সহায় কৰিছে।

ভাৰত ছেমিকণ্ডাক্টৰ মিছনে ভাৰতত-নিৰ্মিত চিপৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰিছে। ছটা অৰ্ধপৰিবাহী প্ৰকল্প নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। এতিয়া এইসমূহ প্ৰকল্পৰ মাজত যিমান পাৰি সিমান সোনকালে প্ৰথমটো মেড-ইন-ইণ্ডিয়া চিপ মুকলিৰ সুস্থ প্ৰতিযোগিতা চলিছে। আমি এই প্ৰতিযোগিতাক আদৰণি জনাইছোঁ।

ভাৰতত ১,৭০০-ৰো অধিক গ্ল’বেল কেপেবিলিটি চেন্টাৰো আছে, এইসমূহত প্ৰায় ২ নিযুত লোক কৰ্মৰত। ব্যয়-সাশ্ৰয়ী বেক অফিচ হিচাপে আৰম্ভ হোৱা এই কেন্দ্ৰসমূহে এতিয়া বিশ্বৰ বাবে উদ্ভাৱন, ডিজাইন আৰু প্ৰডাক্টৰ বিকাশক চালিত কৰিছে।

আগন্তুক পথ
ডিজিটেল ইণ্ডিয়া কাৰ্য্যক্ৰমে ১০ বছৰ পূৰ্ণ কৰিলে। এই কাৰ্য্যক্ৰমে এক শক্তিশালী ডিজিটেল ভেটি স্থাপন কৰিছে, ইয়াৰ আধাৰত এতিয়া বিকশিত ভাৰতৰ সৌধ নিৰ্মাণ কৰা হৈছে।

আমাৰ উদ্দেশ্য স্পষ্ট— সেয়া হৈছে অন্তিম-প্ৰান্তৰ ডিজিটেল বিভাজনৰ সেতুবন্ধন, ডিজিটেল সাক্ষৰতা বৃদ্ধি আৰু সকলোলৈকে চাইবাৰ সুৰক্ষা নিশ্চিত কৰা। আৰু শেষত প্ৰযুক্তিক প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ প্ৰকৃত সংগী কৰি তোলাই হৈছে আমাৰ লক্ষ্য।

***
লেখক ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰে’লৱে, ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি তথা তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী।

You might also like