নামনি মাজুলীৰ চিলাকলা-আঁহতগুৰিত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান
স্বেচ্ছাসেৱী সংগঠন “ব্ৰাদাৰ্ছ অৱ মাজুলী”ৰ উদ্যোগত আৰু সমাজ সেৱক ড০ ইন্দ্ৰনীল পেগুৰ সৌজন্যত আজিৰ পৰা নামনি মাজুলীৰ চিলাকলা আৰু আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আৰম্ভ হৈছে।
নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ত উক্ত বিনামূলীয়া পাঠদান অনুষ্ঠিত হৈছে।
উক্ত বিনামূলীয়া পাঠদানৰ উদ্বোধনী অনুষ্ঠান ২১ নং চিলাকলা কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। চিলাকলা উন্নয়ন সমিতি আৰু চিলাকলা যুৱক সংঘৰ সহযোগত আজি শুভাৰম্ভ হোৱা উক্ত বিনামূলীয়া পাঠদান অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে চিলাকলা উন্নয়ন সমিতিৰ সভাপতি প্ৰদীপ হাজৰিকাই। চিলাকলা উন্নয়ন সমিতিৰ সম্পাদক ৰঞ্জিত দাসে আঁত ধৰা উক্ত উদ্বোধনী অনুষ্ঠানত বিনামূলীয়া পাঠদান উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী, বাৰ্দাছ অৱ মাজুলীৰ মুখ্য সমন্বয়ক , মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড০ ইন্দ্ৰনীল পেগুয়ে।
উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ২১ নং চিলাকলা কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰকাশ প্ৰসাদ, চিলাকলা গাঁও ৰক্ষী বাহিনীৰ সম্পাদক লক্ষ্যজিত দাস, স্থানীয় শিক্ষক পৰমানন্দ মেধি আৰু উৎপল দাস, চিলাকলা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নাৰায়ন দাস, পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰৱক্তা যদু কলিতাই অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে।
আজিৰ পৰা ২৪ জুলাইলৈকে উক্ত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান অনুষ্ঠিত হ’ব।
বিনামূলীয়া পাঠদান আজি বাৰ্দাছ অৱ মাজুলীৰ উদ্যোগত নামনি মাজুলীৰ আঁহতগুৰি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হয়।
দুয়োটা স্থানৰ বিনামূলীয়া পাঠদানত অভিজ্ঞ শিক্ষকে পাঠদান কৰে। দুয়োটা বিনামূলীয়া পাঠদানৰ লগতে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা কেৰিয়াৰ কাউন্সেলিং প্ৰশিক্ষণো প্ৰদান কৰা হ’ব বুলি বিশিষ্ট সমাজ সেৱক ড০ ইন্দ্ৰনীল পেগুয়ে আহ্বান জনাইছে।
নিয়মীয়া বাৰ্তা , বনগাঁও : Date of Published, 3 July, 2025