সমাগত বি টি আৰ নিৰ্বাচনক কেন্দ্ৰ কৰি অধিক তৎপৰ হৈ পৰিছে বিজেপি। ইউ পি পি এলৰ সৈতে জোতবন্ধন চৰকাৰ চলি আছে যদিও ইউ পি এল আৰু বি পি এফ দুয়োটা দলৰ সৈতে সমদুৰত্ব বজাই ৰাখি নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ন হৈ চৰকাৰ গঠনৰ লক্ষৰে আৰম্ভ কৰিছে মিচন বি টি আৰ। তাৰেই অংশ হিচাপে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্টিত হয় বিজেপিৰ কাৰ্য কৰ্তা সন্মিলন। উক্ত কাৰ্যকৰ্তা সম্মিলনত উপস্হিত থাকি আৰম্ভনীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় আমি এইবাৰ বি টি আৰত ডাঙৰ সফলতা লাভ কৰিম। ভাষনত এফালে বি টি আৰত ক্ষমতাৰ বাৱে নহয় ,উন্নয়নৰ বাৱে নিৰ্বাচন খেলিম বুলি কোৱাৰ বিপৰীতে ভাষনৰ মাজতে আগ্ৰাসী মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
ভাষন প্ৰসংগত তেওঁ কয় – দুৰ্গা পুজাৰ আগত বি টি আৰ আৰু দুৰ্গা পুজাৰ পিছত দিছপুৰ বুলি এক প্ৰকাৰ বি টি আৰ আৰু দিছপুৰ দখলৰ হুংকাৰ দিয়ে ওদালগুৰিৰ পৰাই। তাৰ বাৱে তেওঁ দলীয় কাৰ্যকৰ্তা সকলক সংগঠন শক্তিশালী কৰিবলৈ আহ্বান জনায়।বি টি আৰত দলৰ শক্তি বৃদ্ধিৰ বাৱে এক যুৱ বাহিনী গঠন কৰাৰ কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
বিটিআৰৰ ৩৮ সমষ্টিৰ বাৱে পৰ্যবেক্ষক নিযুক্তি দিয়াৰ কথা সদৰি কৰি এই সমষ্টি সমুহৰ কাৰ্যকৰ্তা সকলে যত জিকিম বুলি কয় সেইকেইটা সমষ্টিতে প্ৰতিদণ্ডিতা কৰিব বুলিও ঘোষনা কৰে। এফালে বি টি আৰত উন্নয়ন আৰু শান্তিৰ গংগা বোৱাই অনাৰ বাৱে বি টি আৰ নিৰ্বাচনত অংশ গ্ৰহন কৰাৰ কথা উল্লেখ কৰি অতীত পাহৰি এটা নতুন দিগন্তৰ আৰম্ভণি কৰিব বিছৰা বুলিও মন্তব্য কৰে।
কংগ্ৰেছে বি টি আৰৰ নিৰ্বাচনত অংশ গ্ৰহন কৰাক কেন্দ্ৰ কৰিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। বি পি এফৰ কাৰ্যকালৰ কথা উল্লেখ নকৰাকৈয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় আগতে কংগ্ৰেছে বি টি আৰৰ ফালে যি কৰে কৰক, ইফালে আমি যি কৰো কৰি থাকিম বোলা মানসিকতাৰ বাৱে বি টি আৰত ভ্ৰাত্ৰিঘাটি সংঘৰ্ষৰ সৃষ্টি হৈছিল।
তেওলোকৰ দিনত বি টি আৰত বোমা ফুটিছিল,গুলী চলিছিল।কংগ্ৰেছে তেজৰ ৰাজনীতি কৰিছিল ,হত্যাৰ ৰাজনীতি কৰিছিল।তেনে ৰাজনীতি ভালকথা নহয় বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। ইপিনে উন্নয়নৰ কথা উল্লেখ কৰি ওদালগুৰিত এখন চিকিৎসা মহাবিদ্যালয় স্হাপন কৰাৰ কথা ঘোষণা কৰে।অহা আগষ্টত জিলা খনৰ ১লাখ ২০ হাজাৰ পৰিয়ালক অৰুনোদয় আচনি দিয়াৰ লগতে ডেৰলাখ মহিলাক উদ্যমীতা আচনি আগবঢ়োৱাৰ কথাও ঘোষনা কৰে।
ইপিনে কাৰ্যকৰ্তা সন্মিলনৰ অন্তত সাংবাদিকৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। বি টি আৰৰ ৪০ টা সমষ্টিৰ ৫ টা সমষ্টি অজনজাতিৰ বাৱে সংৰক্ষিত থকাৰ লগতে ১০ সমষ্টি সকলোৰে বাৱে মুকলি। তেনেক্ষেত্ৰত বি টি আৰৰ চীফ কোনে হব পাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰায় ৬ হেজাৰ কাৰ্যকৰ্তাৰ উপস্হিতিত কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্টিত কাৰ্য কৰ্তা সন্মিলনত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে বি জে পিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেবাগৰাকীও বিজেপি নেতাই অংশ গ্ৰহন কৰে।
বিশেষ বাৰ্তা,ওদালগুৰি : Date of Published, 4 July, 2025