USA-ৰ বায়ু সেনা বাহিনী : অসম তথা ভাৰতৰ বাবে এক গৌৰৱৰ খৱৰ কঢ়িয়াইছে ভিতৰুৱা গাঁৱৰ এজন লোকে। পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ শীৰ্ষ পৰ্য্যায়ৰ পদত অধিষ্ঠিত হবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তান।
এতিয়াৰে পৰা বিশ্বৰ ভিতৰতে শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ তথ্য প্ৰযুক্তি নিয়ন্ত্ৰণ কৰিব এগৰাকী অসম সন্তানে।অসমৰ জকাই চুকৰ পৰা যোৱা এগৰাকী প্ৰতিভাধৰ লোকৰ ওপৰত নিৰ্ভৰশীল হৱ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনী।
উল্লেখ্য যে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত ব্যাসকুছি গাঁৱৰ পৰা ঘৰ এৰি এদিন আমেৰিকালৈ যোৱা মনজিত বৰ্মন নামৰ লোকজনে এতিয়া সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ মুখ্য তথ্য বিষয়া হিচাপে নিযুক্ত হৈছে।
ব্যাসকুছিতে প্ৰাথমিক শিক্ষা,হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা প্ৰখৰ বুদ্ধিৰ মনজিত বৰ্মনে পৰৱৰ্তীকালত গোৱালপাৰাৰ সৈনিক স্কুলত নাম ভৰ্তি কৰিছিল। ভাৰতীয় বায়ু সেনা বাহিনীত চাকৰি কৰাৰ ইচ্ছা আছিল যদিও সেই সুযোগ লাভ নকৰাত শিলচৰৰ অসম আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা মনজিত বৰ্মনে অভিযন্তাৰ ডিগ্ৰী গ্ৰহণ কৰে।
ইয়াৰ পিছতেই মনত উচ্চাকাঙ্ক্ষা পুহি ৰখা মনজিত বৰ্মনে ১৯৯৯ চনত বেংগালুৰুত চফটৱেৰ ডেভেলপমেন্টৰ এটা কামত মকৰল লাভ কৰে। প্ৰৱল অধ্যৱসায়ৰ লগতে মানসিক দৃঢ়তাৰে কাম কৰি মনজিত বৰ্মনে কম সময়ৰ ভিতৰতে এগৰাকী দক্ষ কৰ্মচাৰী হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হয়।কিবা এক নতুন কৰাৰ লগতে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ বাবে মনেপ্ৰাণে পৰিকল্পনা কৰি থকা মনজিত বৰ্মনে বিদেশত চাকৰি কৰাৰ লক্ষ্যৰে ২০০০ চনত কানাডালৈ গুচি যায়।
কানাডাৰ টৰন্টো চহৰত ছয়মাহ কাম কৰাৰ পিছত আমেৰিকালৈ যোৱাৰ এক সুযোগ লাভ কৰে।২০০১ চনত মনজিত বৰ্মনে এক সপোন বুকুত লৈ উৰা মাৰিছিল আমেৰিকালৈ।এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক গদাপাণি বৰ্মনৰ দ্বিতীয় সন্তান তথা অভিযন্তাৰ ডিগ্ৰীধাৰী মনজিত বৰ্মনে আমেৰিকাত কৰ্মজীৱন আৰম্ভ কৰাৰ সমান্তৰালকৈ আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি কম্পিউটাৰ ইনফৰমেচন চিষ্টেমত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
আমেৰিকাৰ দুই তিনিটা কোম্পানীৰ অধীনত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট হৈ এতিয়া বিশ্বৰ শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ মুখ্য তথ্য বিষয়া হিচাপে নিযুক্ত হৈছে ব্যাসকুছিৰ সন্তান মনজিত বৰ্মন।অৰ্থাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ সকলো তথ্য নিয়ন্ত্ৰণ কৰিব অসমৰ মনজিত বৰ্মনে।
শিপা পাহৰি নোযোৱা মনজিত বৰ্মনৰ গাঁৱৰ ঘৰত মাক দেউতাকৰ লগত আছে পৰিয়াল। তিনি ভাতৃ আৰু দুই ভগ্নীৰ মাজত থাকি গাঁৱৰ বোকাপানী গচকি ডাঙৰ দীঘল হোৱা আৰু গাঁৱৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া মনজিত বৰ্মনৰ এনে সাফল্যত পিতৃ গদাপাণি বৰ্মন, মাতৃ সাবিত্ৰী বৰ্মন আৰু পৰিয়ালৰ লগতে গাঁৱবাসীও উৎফুল্লিত হৈছে।
অৱশ্যে মনজিত বৰ্মন বৰ্তমান আমেৰিকাৰ বাসিন্দা তথা নাগৰিক। বষ্টন চহৰৰ ওচৰৰ ৱেলছলিত বাস কৰা মনজিত বৰ্মনে আমেৰিকা নিবাসী অসমীয়া সমাজৰ লগতে গাঁৱৰ ঘৰৰ লগত যোগাযোগ ৰক্ষা কৰি চলি আহিছে। পিতৃ মাতৃক আমেৰিকালৈ নি এবছৰ ৰাখিছিল মনজিত বৰ্মনে। অসমীয়া ছোৱালী বিয়া পতা মনজিত বৰ্মনৰ পত্নী পলী বৰ্মনেও আমেৰিকাত চাকৰি কৰে।১৮ বছৰীয়া পুত্ৰ তনুজো কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ আৰু আৰু ১৩ বজৰীয়া ৰ’জী হাইস্কুলৰ ছাত্ৰী।
নিয়মীয়া বাৰ্তা, সৰ্থেবাৰীঃ Date of Published, 9 July, 2025