বিয়াৰ প্রতিশ্রুতিৰে যৌন নির্যাতন, ১০ বছৰ পর্যন্ত জে’ল হ’ব Yash Dayal-ৰ!
ৰক্ষীয়ে জনোৱা অনুসৰি, দ্রুত আদালতলৈ গৈ মেজিষ্ট্রেটৰ ওচৰত নিজৰ সাক্ষ্য নথিভুক্ত কৰিব যুৱতীগৰাকীয়ে
আৰচিবিৰ বলাৰ Yash Dayal-ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গাজিয়াবাদ আৰক্ষীয়ে৷ ভাৰতীয় ন্যায় সংহিতাৰ ৬৯নং ধাৰাত অভিযুক্ত দয়াল৷ উত্থাপিত অভিযোগ প্রমাণিত হ’লে গ্রেপ্তাৰো হ’ব পাৰে ক্রিকেটাৰগৰাকী৷
ইয়াৰ শাস্তি অনুসৰি সর্বোচ্চ ১০ বছৰ জে’ল হ’ব পাৰে তেওঁৰ৷ বিয়াৰ প্রতিশ্রুতি দি দয়ালে শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতীয়ে৷ তাৰ ভিত্তিতেই গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷
গাজিয়াবাদ আৰক্ষীয়ে জনোৱা অনুসৰি, দ্রুত আদালতলৈ গৈ মেজিষ্ট্রেটৰ ওচৰত নিজৰ সাক্ষ্য নথিভুক্ত কৰিব যুৱতীগৰাকীয়ে৷ ইয়াৰ পিছত শাৰীৰিক পৰীক্ষাও কৰা হ’ব৷ বিশেষ সূত্রৰ খবৰ অনুসৰি, দয়ালৰ বিৰুদ্ধে বৈদ্যুতিন প্রমাণো জমা দিছে অভিযোগকাৰীয়ে৷
আৰক্ষীয়ে সেইবোৰ পৰীক্ষা কৰিব৷ অৱশ্যে যুৱতীগৰাকীয়ে মেজিষ্ট্রেটৰ সন্মুখত সাক্ষ্য নিদিয়া পর্যন্ত দয়ালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নহয়৷ যোৱা ২৮ জুনত যুৱতীগৰাকীৰ অভিযোগ পোহৰলৈ আহে৷
অনলাইনযোগে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথৰ ওচৰতো অভিযোগ দাখিল কৰিছে যুৱতীয়ে৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীৰ কার্যালয়ৰ পৰা চক্র বিষয়াক তদন্তৰ নির্দেশ দিয়া হৈছে৷ ২১ জুলাইৰ ভিতৰত তদন্ত শেষ কৰাৰ নির্দেশ দিয়া হয়৷
Niyomiya Barta Desk, Date of Published, 9 July, 2025