নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাছিকত বায়ুসেনাক দিব অত্যাধুনিক Tejas Mk1A যুদ্ধ বিমান

সম্পূর্ণ দেশীয়ভাৱে নির্মিত এই যুদ্ধ বিমান জুলাইৰ শেষত নাছিকত বায়ুসেনাক অর্পণ কৰিব

Tejas Mk1A যুদ্ধ বিমান : পাকিস্তানৰ সৈতে চিৰবৈৰিতা আৰু চীনৰ আগ্রাসী নীতিৰ বাবেই ভাৰতে সামৰিক বাহিনীক শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ প্রতিটো বর্ষতেই প্রতিৰক্ষা বাজেট বৃদ্ধি কৰি আছে নতুন দিল্লীয়ে৷ পাকিস্তান আৰু চীনৰ যিকোনো পদক্ষেপক প্রত্যাহ্বান জনাবলৈ শীঘ্রেই ভাৰতীয় বায়ুসেনা বাহিনীক মোতায়েন কৰিব অতি অত্যাধুনিক যুদ্ধ বিমান তেজছ এম কে–১এ৷

সম্পূর্ণ দেশীয়ভাৱে নির্মিত Tejas Mk1A যুদ্ধ বিমান জুলাইৰ শেষত নাছিকত ভাৰতীয় সেনা বাহিনীক আনুষ্ঠানিকভাৱে অর্পণ কৰিব৷ হিন্দুস্তান এৰ’নেটিকছ লিমিটেড, চমুকৈ এইচএএলে নির্মাণ কৰা প্রথম Tejas Mk1A যুদ্ধ বিমান হ’ব লাইট কমবেট এয়াৰ ক্রাফট (এলচিএ)ৰ অতি অত্যাধুনিক সংস্কৰণ৷ ভাৰতীয় বায়ুসেনা বাহিনীয়ে চাৰি বছৰ পূর্বে এইচএএলৰ সৈতে এই বিমান নির্মাণ কৰিবলৈ ৪৮ হাজাৰ কোটি টকাত চুক্তিবদ্ধ হৈছিল৷

চাৰি বছৰৰ মূৰকত এইচএএলে জুলাইৰ শেষ ভাগত অত্যাধুনিক তেজছ বিমানখন যোগান ধৰিব৷ উল্লেখ্য যে এইচএএলক দ্বিতীয় পর্যায়ত ৯৭খন যুদ্ধ বিমান নির্মাণৰ বাবে ৬৭ হাজাৰ কোটি টকা ঠিকা দিয়া হৈছিল৷ ভাৰতৰ মিগ যুদ্ধ বিমানৰ স্থানত তেজছ যুদ্ধ বিমান অন্তর্ভুক্ত কৰা হ’ব৷ পূর্বৰ Tejas Mk1A সংস্কৰণতকৈ অধিক অত্যাধুনিক আৰু শক্তিশালী হিচাপে নির্মাণ কৰা হৈছে নতুন সংস্কৰণ তেজছ এম কে–১এ৷

বিমানখনত চেঞ্চৰ ব্যৱস্থাটো অধিক শক্তিশালী কৰা হৈছে৷ ইজৰাইলৰ প্রকৃত ইএলএম–২০৫২ এক্টিভ ইলেক্ট্রনিকেল স্কেনড এৰে চমুকৈ এইএছএ ৰাডাৰৰ আর্হি বিমানখনত সংযোগ কৰা হৈছে৷ বিমানখনত আকাশতে ইন্ধন ভৰোৱাৰ ব্যৱস্থাও আছে৷ এই যুদ্ধ বিমানখনেৰে ১০০ কিলোমিটাৰ দূৰত্বলৈকে ক্ষেপণাস্ত্র নিক্ষেপ কৰিব পাৰে৷

Niyomiya Barta Desk, Date of Published, 9 July, 2025

You might also like