নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ব্রহ্মপুত্র সুৰংগ’ত সেউজ সংকেত ৰাষ্ট্রীয় বন্যপ্রাণী ব’ৰ্ডৰ

🔹 ১৪,৯০০ কোটি ব্যয়সাপেক্ষ গহপুৰ–নুমলীগড় সংযোগী অভিলাষী প্রকল্প

নিউজ ডেস্ক, ১২ জুলাই : ব্রহ্মপুত্রৰ বক্ষ খান্দি দেশৰ ভিতৰতে দীর্ঘতম সুৰংগ নির্মাণ সম্ভৱ হোৱাৰ দিশে আগবাঢ়িছে৷ এইক্ষেত্রত প্রয়োজনীয় সেউজ সংকেত শেহতীয়াকৈ প্রদান কৰিছে ৰাষ্ট্রীয় বন্যপ্রাণী ব’ৰ্ড (এনবিডব্লিউএল)ৰ স্থায়ী কমিটীয়ে৷ অৱশ্যে এই সন্দর্ভত এনবিডব্লিউএলে নির্মাণকাৰী সংস্থা ৰাষ্ট্রীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড, চমুকৈ এনএইচআইডিচিএলক কেতবোৰ চর্ত নির্ধাৰণ কৰি দিছে৷

গহপুৰ–নুমলীগড় সংযোগী চাৰিলেনযুক্ত ১৫.৬ কিলোমিটাৰ দৈর্ঘ্যৰ টুইন টিউবযুক্ত একদিশীয় পানীৰ তলৰ সুৰংগটোৰ ক্ষেত্রত আৰোপ কৰা চর্তসমূহ এনেধৰণৰ– এনএইচডিচিএলে মাটিৰ স্থিৰতা–ভূগর্ভস্থ পানীৰ প্রবাহ–পলসৰ গতিশীলতা–অভিলাষী প্রকল্পটোৰ ওপৰত ভূমিকম্পৰ সম্ভাব্য প্রভাৱ সন্দর্ভত বৈজ্ঞানিক বিশ্লেষণ দাখিল কৰিব লাগিব৷ তদুপৰি প্রস্তাৱিত প্রকল্পটোৰ সংলগ্ণ অঞ্চলত বন্যপ্রাণী আৰু ইয়াৰ বাসস্থানৰ ওপৰত কোনোধৰণৰ বিৰূপ প্রভাৱ পৰিব নালাগিব বুলি এনবিডব্লিউএলে স্পষ্ট কৰি দিছে৷ এইক্ষেত্রত প্রকল্পটোৰ প্রস্তাৱিত কার্যকলাপৰ প্রভাৱ কমোৱাৰ ব্যৱস্থা ৰূপায়ণৰ বাবে অসমৰ মুখ্য বন্যপ্রাণী ৱার্ডেনৰ একাউণ্টত এটা কর্পাছ পুঁজি জমা কৰিবলৈ এনবিডব্লিউএলৰ তৰফৰ পৰা নির্দেশ দিয়া হৈছে এনএইচআইডিচিএলক৷ লগতে বন্যপ্রাণী–মানৱ সংঘাত প্রশমন তথা বন্যপ্রাণী সংৰক্ষণ–ব্যৱস্থাপনাৰ এক পৰিকল্পনাও প্রস্তুত কৰিব লাগিব নির্মাণকাৰী প্রতিষ্ঠানটোৱে৷

উল্লেখ্য যে কাজিৰঙা ব্যাঘ্র সংৰক্ষণ প্রকল্পৰ বাঘ কৰিড’ৰৰ ১৩.৭৭ হেক্টৰ বনভূমি আৰু শোণিতপুৰ জিলাৰ ডিফল্ট ইক’ ছেনজেটিভ জ’নৰ ৬১.৫০২৮ হেক্টৰ অবনভূমি সামৰি নির্মাণ হ’ব অভিলাষী চাৰিলেনযুক্ত নদী সুৰংগটো৷ ইতিমধ্যে ৰাষ্ট্রীয় ব্যাঘ্র সংৰক্ষণ কর্তৃপক্ষই কেতবোৰ চর্তসাপেক্ষে প্রকল্পটোত অনুমোদনৰ বাবে পৰামর্শ আগবঢ়াইছে৷ সেইমর্মে এনবিডব্লিউএলে ন্যূনতম গছ কটা, সুৰংগ খননৰ ধ্বংসাৱশেষ–পানীৰ ব্যৱস্থাপনা, ব্রহ্মপুত্রলৈ শূন্য নির্গমন আদিৰ ক্ষেত্রত পদক্ষেপ ল’বলৈ নির্দেশ দিছে এনএইচআইডিচিএলক৷ অনুৰূপ ধৰণে নির্মাণকার্য হ’বলগীয়া স্থানত শব্দ প্রদূষণ তথা ধূলি প্রশমন ব্যৱস্থা স্থাপন, শব্দ–জোকাৰণি হ্রাস কৰিবলৈ বিস্ফোৰক আৰু যন্ত্রপাতি ব্যৱহাৰৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰিবলৈও কোৱা হৈছে৷ এই অভিলাষী প্রকল্পটোৰ নির্মাণ ব্যয় ধার্য কৰা হৈছে ১৪,৯০০ কোটি টকা৷ প্রকল্প ব্যয়ৰ ৮০ শতাংশ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ে বহন কৰাৰ বিপৰীতে বাকী ২০ শতাংশ দিব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে৷ একদিশীয় নদী সুৰংগটোৱে আপাতঃ দৃষ্টিত গহপুৰ–নুমলীগড়ক সংযোগ কৰিব যদিও ইয়াৰ নির্মাণ সম্পূর্ণ হৈ উঠাৰ লগে লগে অৰুণাচল প্রদেশ, মণিপুৰসহ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে যোগাযোগ সুচল হৈ পৰিব৷ বিশেষকৈ গহপুৰ–নুমলীগড়ৰ মাজৰ বর্তমানৰ দূৰত্ব ২৪০ কিলোমিটাৰৰ ঠাইত ৩৪ কিলোমিটাৰলৈ হ্রাস পাব৷ বর্তমান এই পথছোৱা অতিক্রম কৰোঁতে সময় লাগে প্রায় ৬ ঘণ্টা ৩০ মিনিট৷ কিন্তু প্রকল্পটো নির্মাণ হৈ উঠিলে লাগিব মাত্র ৩০ মিনিট৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ব্যয় সচিবৰ নেতৃত্বত গঠিত ৰাজহুৱা বিনিয়োগ ব’ৰ্ড (পিআইবি)–এ এই প্রকল্পটো ৰূপায়ণৰ পৰামর্শ দিছিল, য’ত ইতিমধ্যে আন্তঃমন্ত্রালয় পেনেলে অনুমোদনৰ বাবে পৰামর্শ আগবঢ়াইছে৷ ইফালে, পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ সীমা ৪৭০.৬৭ হেক্টৰ বাদ দিয়াৰ বিপৰীতে ৫৬৪.৮৩ হেক্টৰ অন্তর্ভুক্ত কৰাৰ নতুন প্রস্তাৱৰ বিষয়েও শেহতীয়াকৈ এনবিডব্লিউএলক অৱগত কৰোৱা হৈছে বুলি এক সূত্রত প্রকাশ৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, বনভূমি আৰু ৰাজহ ভূমিৰ তিনিটা ব্লক অভয়াৰণ্যখনত অন্তর্ভুক্ত কৰা হৈছিল৷ কিন্তু অভয়াৰণ্যখনৰ সমগ্র ভূমিখণ্ড বন বিভাগক গতাই দিয়া নহ’ল৷ অভয়াৰণ্যখনৰ অধিসূচিত ভূমিত কৃষিপথাৰ আৰু ব্যক্তিগত ঘৰো আছিল৷ পিছে অন্তর্ভুক্ত কৰা হোৱা নাছিল সমীপৱর্তী কেইবাটাও জলাশয়৷ নতুন প্রস্তাৱত কৃষিপথাৰ আৰু ঘৰ–বাৰী বাদ দিয়াৰ বিপৰীতে সংৰক্ষিত বনাঞ্চল অক্ষত অৱস্থাত ৰখা হৈছে৷ লগতে কাষৰীয়া জলাশয়সমূহ নতুন প্রস্তাৱযোগে অভয়াৰণ্যখনত অন্তর্ভুক্ত কৰা হৈছে৷ বিষয়টোক লৈ আলোচনাৰ অন্তত এনবিডব্লিউএলৰ সদস্য ড০ আৰ সুকুমাৰ, কেন্দ্রীয় বন মন্ত্রালয় আৰু ৰাজ্য চৰকাৰৰ বন বিভাগৰ প্রতিনিধিয়ে এখন কমিটী গঠনৰ সিদ্ধান্ত লোৱা হয়৷ এই কমিটীখনে ক্ষেত্রভিত্তিক স্থান পৰিদর্শন কৰিব৷

You might also like